আৰক্ষীৰ অভিযান : বোকাখাতত ড্ৰাগচসহ এজন যুৱকক আটক :

আৰক্ষীৰ অভিযান : বোকাখাতত ড্ৰাগচসহ এজন যুৱকক আটক :
Aiidesh Photo

আৰক্ষীৰ অভিযান : বোকাখাতত ড্ৰাগচসহ এজন যুৱকক আটক :

Aiidesh News  : 10 May 2023  :

বোকাখাত আৰক্ষীয়ে যোৱা নিশা এক বিশেষ অভিযান চলায় নিষিদ্ধ ড্ৰাগচ সহ এজন যুৱকক আটক কৰে ৷ এক গোপন সুত্ৰই দিয়া তথ্যৰ আধাৰত বোকাখাতৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া বিশ্বজিত ডেকাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে বোকাখাতৰ বালিজান অঞ্চলৰ পৰা দ্বীপজ্যোতি দলে নামৰ এজন যুৱকক আটক কৰে ৷ অভিযানকাৰী দলে ধৃত যুৱকজনৰ পৰা ১.৬৬ গ্ৰাম নিষিদ্ধ হিৰ'ইন আৰু ড্ৰাগচ সেৱনত ব্যৱহৃত এটা চিৰিঞ্জো জব্দ কৰে ৷ ধৃত যুৱকজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সম্পৰ্কত বোকাখাত থানাত এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে তদন্ত আৰু অনুসন্ধান আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে ।

উল্লেখ্য যে বোকাখাত মহকুমাৰ নুমলীগড়ৰ পৰা যোৱা ৩৯ নং ৰাষ্ট্ৰীয় পথেৰে নগালেণ্ডৰ ডিমাপুৰৰ সৈতে থকা যাতায়তৰ সুচলতাৰ বাবেই মহকুমাটোৰ নুমলীগড়, বিহৰা, বোকাখাতকে ধৰি বহু স্থানত নিষিদ্ধ ড্ৰাগচ সহজ লভ্য ৷ ইয়াৰ পুৰ্বতেও আৰক্ষীৰ অভিযানত মহকুমাটোৰ বহু যুৱক এই নিষিদ্ধ ব্যৱসায় লগত জড়িত হোৱাই নহয় ড্ৰাগচ সেৱন কৰাৰ কথাও পোহৰলৈ আহিছে ৷ 

*********