চৰকাৰী কার্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক

চৰকাৰী কার্যালয়ত মাস্ক পিন্ধাটো বাধ্যতামূলক
Image Courtesy : google image

দেশত দ্বিতীয় পর্যায়ৰ লকডাউন চলি থকাৰ মাজতে ৰেড জ’ন হিচাপে চিহ্ণিত নোহোৱা অঞ্চলসমূহত আজিৰ দিনটোৰ পাছত লকডাউন কিছু শিথিল কৰাৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাজ্য চৰকাৰেও অসমত লকডাউনৰ কঠোৰত কেতবোৰ ক্ষেত্রত শিথিল কৰাৰ ব্যৱস্থা লৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় গাইড লাইনো ইতিমধ্যে ৰাজ্য চৰকাৰে যুগুতাইছে৷ সেই অনুসৰি আজিৰে পৰা জনতা ভৱনকে ধৰি ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে৷ এই গাইড লাইন অনুসৰি জনতা ভৱনকে ধৰি সচিবালয়ৰ বিভাগসমূহত উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শীর্ষ বিষয়াসকলৰ উপস্থিতি ১০০ শতাংশ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ প্রয়োজনত প্রথম আৰু দ্বিতীয়বর্গৰ আমোলা–বিষয়াসকলো কার্যালয়লৈ আহিব লাগিব৷ বিভাগীয় মুৰব্বী তথা জিলা–মহকুমা পর্যায়ৰ বিভাগৰ কার্যালয়, উপায়ুক্ত–মহকুমাধিপ্ কার্যালয়ত তৃতীয় আৰু চতুর্থবর্গৰ ৩৩ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে কার্যালয় চলোৱাৰ পৰিকল্পনা কৰিছে৷ এইক্ষেত্রত কোন কর্মচাৰী কোনদিনা উপস্থিত থাকিব লাগিব, সেয়া বিভাগীয় মুৰব্বী তথা কার্যালয়ৰ মুৰব্বীয়ে স্থিৰ কৰিব৷ অৱশ্যে আজিৰে  পৰা চৰকাৰী কার্যালয়সমূহ খুলিলেও প্রতিগৰাকী কর্মচাৰীয়ে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷ সেই ব্যৱস্থা ১০০ শতাংশ কার্যালয়ৰ ভিতৰে–বাহিৰে নিশ্চিত কৰিব লাগিব৷ একেদৰে প্রতিগৰাকী কর্মচাৰীয়ে মুখমণ্ডল ঢ়াকি, মাস্ক পিন্ধি কার্যালয়লৈ আহিব লাগিব৷ চৰকাৰী কার্যালয়সমূহ কেনেদৰে পৰিচালিত হ’ব, এই সম্পর্কত কাইলৈ ৰাজ্যৰ মুখ্য সচিবে আনুষ্ঠানিকভাৱে গাইড লাইন প্রকাশ কৰিব৷ ইপিনে ৰেড জ’ন তথা হটস্পট হিচাপে চিহ্ণিত জিলাক বাদ দি ৰাজ্যখনৰ অন্যান্য জিলাত আজিৰে পৰা সকলো ধৰণৰ স্বাস্থ্যসেৱা পুনৰ আৰম্ভ হ’ব৷ কৃষি, উদ্যান শস্যৰ কাম–কাজো আৰম্ভ হ’ব৷ চাহ, ৰবৰ, কাজু বাদাম আদি ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলোৱাৰ ব্যৱস্থা কৰা হ’ব৷ পশুপালন, দুগ্ধ উন্নয়ন, হাঁহ–কুকুৰাৰ ফার্ম, মৎস্য পালন, শাক–পাচলিৰ পাইকাৰী আৰু খুচুৰা বিক্রী আদি খণ্ডকো লকডাউনৰ পৰা ৰেহাই দিয়া হ’ব৷ অৱশ্যে এইবোৰ খণ্ডয়ো সামাজিক দূৰত্ব মানি চলি মাস্ক পিন্ধি কাম–কাজ সম্পাদন কৰিব লাগিব৷ একেদৰে বেংক, এ টি এম, বীমা, শিশু নিৱাস, জ্যেষ্ঠ নাগৰিকৰ গৃহ, নাৰী গৃহ, নিৰীক্ষণ কেন্দ্র আদিও মুকলি কৰাৰ ব্যৱস্থা কৰিব৷ পেন্সন সেৱা, অংগনৱাড়ী কেন্দ্রৰ কাম–কাজো সামাজিক দূৰত্ব মানি চলোৱাৰ ব্যৱস্থা গ্রহণ কৰিব৷ এনৰেগা, জলসম্পদ, জলসিঞ্চন, তেল, গেছ, উদ্যোগ, শক্তিখণ্ড, ডাকঘৰ আদিও খোলাৰ ব্যৱস্থা লোৱা হ’ব৷ পৌৰ নিগম, পৌৰসভা, টেলিকম, ইণ্টাৰনেট সেৱা আদিও খোলাৰ ব্যৱস্থা কৰা হ’ব৷ অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা ট্রাকৰ চলাচল অব্যাহত ৰখা হ’ব৷ ইয়াৰ বাবে ৰাষ্ট্রীয় ঘাইপথৰ কাষত থকা গেৰেজ, ধাবা আদি খুলি দিয়া হ’ব৷ খোল খাব ৰেচনৰ দোকান, গেলামাল, ফলমূলৰ দোকান, গাখীৰ আৰু দুগ্ধজাত সামগ্রীৰ দোকান৷ পশুখাদ্যৰ দোকান, সাৰ, কীটনাশক দ্রব্যৰ দোকানো খোলা হ’ব৷ ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে তথ্য–প্রযুক্তি খণ্ড, চি চি এছ, ক’ল ষ্টেৰেজ, ৱেৰহাউছ আদিও খোলা হ’ব৷ একেদৰে স্ব–নিয়োজন খণ্ডৰ সৈতে জড়িত ইলেক্ট্রিচিয়ান, প্লাম্বাৰ, কার্পেণ্টাৰ, মটৰ মেকানিক, কম্পিউটাৰ–ম’বাইল ফোন মেকানিক আদিকো লকডাউনৰ পৰা ৰেহাই দিয়া হ’ব৷ তেওঁলোকে ব্যক্তিগতভাৱে মানুহৰ ঘৰৰ কাম–কাজ সম্পাদন কৰিব পাৰিব৷ কর্মচাৰী থকাৰ সুবিধা থকা ঔদ্যোগিক পামসমূহো খোলাৰ ব্যৱস্থা কৰিব৷ ইটাভাতা আদিও খুলি দিয়া হ’ব৷ অৱশ্যে এই সকলো ক্ষেত্রতে মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু সামাজিক দূৰত্ব প্রত্যেকেই মানি চলিব লাগিব৷ মাছ–মাংসও হোম ডেলিভাৰী ব্যৱস্থাৰে বিতৰণ কৰা হ’ব৷ পূর্বৰ দৰে খোলা থাকিব ছপা আৰু বৈদ্যুতিন প্রচাৰ মাধ্যম৷ অত্যাৱশ্যকীয় সেৱাত জড়িত ব্যক্তি তথা প্রশাসনৰ পৰা অনুমতি লাভ কৰা ব্যক্তিয়ে দুচকীয়া বাহনত মাত্র এজন আৰু চাৰিচকীয়া বাহনত মাত্র দুজন লোকেহে চলা–ফিৰা কৰিব পাৰিব৷ কেন্দ্রীয় চৰকাৰে শিথিলতা অনা প্রতিটো খণ্ডৰ কাম–কাজ কেন্দ্রৰ গাইড লাইন অনুসৰি ৰাজ্য চৰকাৰে আৰম্ভ কৰিব৷ আনহাতে, অহা ৩ মে’ পর্যন্ত কোনো পৰিস্থিতিতে খোলা নহয় চৰকাৰী–বেচৰকাৰী সকলো শিক্ষানুষ্ঠান৷ খোলা নহয় ৰাজহুৱা পৰিৱহণ ব্যৱস্থা৷ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা পর্যায়ত বাছ–মটৰৰ চলাচল, যাত্রীবাহী ৰে’লৰ চলাচল সমূলি বন্ধ থাকিব৷ সুৰা বিপণী, গুট্খা–ধঁপাতৰ উৎপাদন আৰু বিক্রী সম্পূর্ণৰূপে বন্ধ থাকিব৷ বন্ধ থাকিব হোটেল, ৰেস্তোৰাঁ, বিউটী পার্লাৰ, চেলুন আদি৷