বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ দ্বাৰা কেকোসাপ উদ্ধাৰ :

বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ দ্বাৰা কেকোসাপ উদ্ধাৰ :
Photo by Uttam Saikia.

 

নিজৰ একান্ত প্ৰচেষ্টাৰে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা আজি বিয়লি খুমটাই আৰক্ষী থানা এলেকাৰ কমাৰগাওঁ কচুপথাৰৰ এটা বাসগৃহৰ পৰা এটা বিৰল প্ৰজাতিৰ কেকো সাপ উদ্ধাৰ কৰে ৷ একাংশ লোকে ৰাজ্যত বিৰল প্ৰজাতিৰ কেকো সাপৰ চোৰাংব্যৱসায় চলোৱাৰ লগতে কেকো সাপৰ সন্ধানত ঘুৰি ফুৰাৰ সময়তে আৰক্ষী বিষয়াজনে উদ্ধাৰ কৰে এটা কেকো সাপ । সোমবাৰে বিয়লি কচুপথাৰৰ গনেশ গোহাঁয়ে তেওঁৰ ঘৰত এটা কেকো সাপ ওলোৱাৰ খবৰ আৰক্ষী বিষয়াজনক দিয়াৰ পাচতেই মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা নিজেই গৈ গনেশ গোহাঁইৰ বাসগৃহৰ পৰা কেকো সাপটো উদ্ধাৰ কৰি আনে ৷ আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা জনোৱা মতে চোৰাংচিকাৰীৰ শেন চকুৰ পৰা ৰক্ষা কৰিবৰ বাবে সাপটোৰ উপস্থিতিৰ বিষয়ে গনেশ গোঁহায়ে তেওঁ অৱগত কৰিছিল যাৰ বাবে কেকো সাপটো উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰটোৰ হাতত অৰ্পণ কৰে আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই ৷ কেকো সাপৰ চোৰাং ব্যৱসায় চলি থকাৰ বাবেই সাপটো ধৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰটোক সাপটোৰ পুনৰ সংস্থাপনৰ বাবে অৰ্পন কৰা বুলি বিষয়া গৰাকীয়ে জনায় ৷