নুমলীগড়ত চলিছে এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ বুলডেজাৰ

নুমলীগড়ত চলিছে এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ বুলডেজাৰ

নুমলীগড়ত চলিছে এইবাৰ অইল ইণ্ডিয়া লিমিটেডৰ বুলডেজাৰ ।কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলী কুঁৱৰীৰ গড় খান্দি তচনচ কৰিছে অইল ইণ্ডিয়া লিমিটেডে । গড় টো দি:খণ্ডিত কৰি অইলে বঢ়াইছে পাইপলাইন । প্ৰশাসনৰ সন্মুখতে  গড়টো খান্দি তচনচ কৰাত জাঙুৰ খাই উঠিছে AASU,AATSA,AJYCP কে ধৰি স্থানীয় দল সংগঠন তথা স্থানীয় ৰাইজ । অভিযোগ উঠিছে পূৰাত্বত বিভাগৰ মানচিত্ৰৰ পৰা নিঃচিন্ন কৰাৰ  ষড়যন্ত্ৰত লিপ্ত হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ । ইফালে গঁড়টোৰ যি স্থানত অইলে পাইপ বঢ়োহাৰ নামত খনন চলাইছে সেই স্থানতে আছিল এটা হস্তী দণ্ডী । যাৰ বাবেই এতিয়া বন্যহস্তীৰ আহযাহ কৰাত নামি আহিছে বিপদ । যি কাৰণত সৰ্বত্ৰ উঠিছে এতিয়া প্ৰতিবাদৰ জোৱাৰ । জাঙুৰ খাই উঠিছে দল সংগঠন   । এতিয়া প্ৰশ্ন হয় অইল ইণ্ডিয়াই কিদৰে কাৰ অনুমতি সাপেক্ষে খান্দি নিঃশেষ কৰিছে বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰী গঁড় আৰু হস্তী দণ্ডী ।