বোকাখাতৰ পৰা প্ৰকাশিত হোৱা 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বৰ্ষপুৰ্তিত অসম ভিত্তিত আয়োজিত প্ৰৱন্ধ প্ৰতিযোগিতা ফলাফল ঘোষণা :

বোকাখাতৰ পৰা প্ৰকাশিত হোৱা 'ৰাইজৰ খবৰ'ৰ ২০ সংখ্যক বৰ্ষপুৰ্তিত অসম ভিত্তিত আয়োজিত প্ৰৱন্ধ প্ৰতিযোগিতা ফলাফল ঘোষণা :
Aiidesh photo

Aiidesh News : 28 March - 2026 :

বোকাখাতৰ পৰা প্ৰকাশিত হোৱা 'ৰাইজৰ খবৰ' নামৰ সপ্তাহিক বাতৰি কাকত খনে ২০ টা বৰ্ষ সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । ৰাইজৰ খবৰৰ ২০ সংখ্যক বর্ষপূতি উপলক্ষে কাকত খনৰ প্ৰকাশক গোষ্ঠীয়ে আয়োজিত কৰিছিল সদৌ অসম ভিত্তিত অসমীয়া আৰু ইংৰাজীত ভাষাত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰৱন্ধ প্রতিযোগিতাৰ আয়োজন কৰিছিল । এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে । শুক্ৰবাৰৰ দিনা এই প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰে 'ৰাইজৰ খবৰ' কৰ্তৃপক্ষই । ঘোষিত ফলাফল মতে একাদশ শ্ৰেণীৰ পৰা স্নাতক পর্যায় ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত কৃত্রিম বুদ্ধিমত্তা, আধুনিক সমাজ আৰু আগন্তুক প্রজন্ম শীৰ্ষক উচ্চ শাখাৰ প্ৰৱন্ধ প্ৰতিযোগিতাত নুমলীগড় নগৰাঞ্চলৰ দর্শনা নেওগে প্ৰথম , গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ জীৱনজ্যোতি গগৈ দ্বিতীয় আৰু  গোলাঘাটৰ জাতীয় বিদ্যালয়ৰ অংকিত বৰদলৈয়ে তৃতীয় স্থান লাভ কৰে ।

কৃত্রিম বুদ্ধিমত্তা আৰু ছাত্ৰ জীৱন শীৰ্ষক নিম্ন শাখাৰ প্ৰৱন্ধ প্ৰতিযোগিতাত নেহেৰু স্মৃতি বালিকা বিদ্যালয় হিমাক্ষী ডেকাই প্রথম, বোকাখাতৰ খ্রীষ্টজ্যোতি হায়াৰচেকেণ্ডাৰী স্কুলৰ সুদর্শনা ভট্টাচার্যই দ্বিতীয়, মৰিগাঁওৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দিব্যম শিৱম কন্দলীয়ে তৃতীয় স্থান লাভ কৰাৰ উপৰিও  যোৰহাটৰ শৰ্মিষ্ঠা বৰা,  প্রাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটীৰ নুৰ জাহান খাতুন, নলবাৰীৰ বানেকুছিৰ প্রীতম বর্মন, জালুকবাৰী মিন্টু (অভিজ্ঞান) বৈশ্য, গোলাঘাটৰ মলয় কৃষ্ণ শইকীয়া, বোকাখাতৰ অনেষা সেনগুপ্তা আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সুশান্ত দাসে উদগনি বঁটা লাভ কৰিবলৈ সক্ষম হয় । ৰাইজৰ খবৰৰ বৰ্ষপূর্তি লগত সংগতি ৰাখি এই সকল বিজয়ী প্রতিযোগীক অহা এপ্রিল মাহত অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠানত বঁটা সমূহ প্রদান কৰা হ'ব বুলি এক প্ৰেছ টোকাৰ জড়িয়তে অৱগত কৰিছে কাকত খনৰ মুখ্য সম্পাদক জিতু শৰ্মা ৰাজখোৱাই ।

********