গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰকঃ দাবী এবিএমছুৰ

গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰকঃ দাবী  এবিএমছুৰ

 

গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰাৰ  দাবী উত্থাপন কৰিছে  সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে  ।  বিহস্পতিবাৰে  এবিএমছুৰ এটা সজাতি দলৰ সৈতে বাক্সাৰ শালবাৰীৰ ভিন্ন প্ৰান্তৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামে গৰাখহনীয়া সমস্যাক লৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । লগতে সংগঠনটোৰ প্ৰতিনিধিয়ে কয় যে গড়া খহনীয়া অঞ্চলক লৈ নেতা , মন্ত্ৰীসকলে কেৱল ৰাজনীতি কৰিছে বুলি অভিযোগ তুলি কোনো এজন নেতা মন্ত্ৰীয়ে গৰাখহনীয়াৰ স্থায়ী সমাধান বিচৰা নাই । চৰকাৰক শীঘ্ৰে বেঁ‌কী নৈৰ খহনীয়াৰ বিজ্ঞানসন্মত সমাধানৰ দাবী  জনাইছে সংগঠনটোৱে।