যোৰহাটত গ্ৰেপ্তাৰ গাড়ী চালক সহ ভূৱা চিকিৎসকৰ দল

যোৰহাটত গ্ৰেপ্তাৰ গাড়ী চালক সহ ভূৱা চিকিৎসকৰ দল

ৰাজ্যত ক’ৰোণা আতংকই বিৰাজ কৰি থকাৰ মাজতে যোৰহাটত ভূৱা চিকিৎসকৰ দলে পইছা লৈ গাঁৱে গাঁৱে পৰীক্ষা চলাই গেপ্তাৰ হব লগীয়া হোৱা ঘটনাই যোৰহাটত চাঞ্চল্য সৃষ্টি হৈছে । সোমবাৰে উত্তৰ পশ্চিম যোৰহাটৰ বিভিন্ন দোকানলৈ গৈ কেইজনমান যুৱকে নিজকে স্বাস্থ্য বিভাগৰ কৰ্মী বুলি চিনাকি দি গুটখা চিগাৰেট জব্দ কৰি লৈ যায়। 

ইয়াৰ পাছত তিনিজনীয়া যুৱকৰ দলটোক স্থানীয় পুলিচৰ আৰক্ষীয়ে আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে।মঙ্গলবাৰে নিশা বৈদ্যুতিক মাধ্যমত এই ভুৱা চিকিৎসকৰ দলটোৰ কৰ্ম কাণ্ডৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত হুৱা দুৱা লাগে পুলিবৰ আৰক্ষীৰ। নিশাই তিনিজনীয়া দলটোক আৰক্ষীয়ে গেপ্তাৰ কৰে আৰু তেওঁলোকে ব্যৱহাৰ কৰা এখন চুইফট গাড়ী জব্দ কৰে। গেপ্তাৰ কৰা ভুৱা চিকিৎসক দ্বয় ক্ৰমে তিতাবৰ ঢেকীয়াজুলিৰ বিশ্বজ্যোতি দত্ত, উজ্জ্বল বৰা আৰু গাড়ীখনৰ গৰাকী দিগন্ত নেওগ। এই দলটোৰ মাষ্টাৰ মাইণ্ড বিশ্বজ্যোতি দত্ত নামৰ যুৱক জনে ডঃ প্ৰিন্সি বৰা শইকীয়া নাম লৈ মহিলাৰ ফটো দি এটা ভুৱা ফেচবুক একাউণ্ট খুলি এই কাম আৰম্ভ কৰে।

বিভিন্ন জনলৈ মেছেজ দি আত্মীয়তা গঢ়ি গুৱাহাটী প্ৰধান কাৰ্যলয়ত তেওঁ থকা বুলি আৰু তেওঁৰ অধীনৰ দলে গাঁৱে গাঁৱে কাম কৰা বুলি প্ৰতীয়মান কৰাইছিল বিভিন্ন জনক। চিকিৎসকৰ পোছাক, ষ্টেটিচকোপ আদি লৈ দলটোৱে যোৰহাট, দেৰগাঁও, তিতাবৰ, গোলাঘাট, নিমাতি ঘাট আদি অঞ্চলত ঘৰে ঘৰে গৈ পইছা লৈ কৰ’না ৰ নামত পৰীক্ষা কৰিছিল বিভিন্ন জনক। তিতাবৰ আৰক্ষী থানাটো এই দলটোৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে।

দিগন্ত নেওগ নামৰ যুৱক জনৰ এ এচ ০৩ ভি ৬৪০৪ নম্বৰৰ এখন চুইফট ডিজায়াৰ গাড়ীখন নিতৌ দুই হেজাৰ টকাত ভাৰালৈ লৈ ঘূৰে বুলি ভুৱা চিকিৎসকৰ দলটোৱে উল্লেখ কৰিছে । এই দলটোত আৰু ভালেসংখ্যক লোক জড়িত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই দলটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ৪১৯/৪৪৮/৪২০/৩৯২/৩৪ ধাৰাৰ অধীনত ২৩২/২০ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ লগত জড়িত বাকী সকলো শীঘ্ৰে গেপ্তাৰ হব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।