মৰিগাঁৱৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মৰিগাঁৱৰত নাৱেৰে বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জিলা খনৰ জাগীৰোড  সমষ্টিৰ মনহা  মৌজাৰ  মদনবড়ী আশ্ৰয়  শিবিৰত উপস্থিত হৈ বানাক্ৰান্তসকলৰ  দুখ-দুৰ্দশাৰ বুজ লয়।ইয়াৰ পূৰ্বে  ঝাৰগাঁৱত বানপানীত মৃত্যু  হোৱা তিনি গৰাকী লোকৰ আত্মীয়ক চ্যেক প্ৰদানৰ শুভাৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়ে  দেওবাৰে বানপৰিস্হিতি  বুজ লোৱা সময়ত  সংগ দিয়ে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মৰিগাঁৱৰ বিধায়কৰ ৰমাকান্ত দেউৰীয়ে । আনহাতে  স্হানীয় বিধায়কৰ তথা  ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাই  নেতৃত্ব  লোৱা কাৰ্যসূচীত অংশ লৈ  মুখ্যমন্ত্ৰী গৰাকীয়ে  সকলো প্ৰকাৰৰ  বান সাহাৰ্য্য ব্যৱস্হা গ্ৰহণ কৰাৰ  ঘোষণা কৰে।