কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আৰু ভাৰতীয় হস্তশিল্প অভিযানৰ অধীনত বোকাখাতৰ ৰজাবাৰীত হস্তশিল্প প্ৰশিক্ষণ ⦂ প্ৰশিক্ষাৰ্থীক বিনামুলীয়া সঁজুলি প্ৰদান ⦂

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আৰু ভাৰতীয় হস্তশিল্প অভিযানৰ অধীনত বোকাখাতৰ ৰজাবাৰীত হস্তশিল্প প্ৰশিক্ষণ ⦂ প্ৰশিক্ষাৰ্থীক বিনামুলীয়া সঁজুলি প্ৰদান  ⦂
Aiidesh Photos

Aiidesh News ⦂ 5 November ⦂

কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় হস্তশিল্প অভিযানৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাতৰ ৰজাবাৰীত আৰম্ভ হোৱা হস্তশিল্প প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীৰ মাজত আজি কেন্দ্ৰীয় চকাৰৰ হস্তশিল্প অভিযানৰ অধীনত হস্ত শিল্পৰ প্ৰয়োজনীয় সঁজুলি বিনামুলীয়াকৈ যোগান ধৰা হয় ৷ এই প্ৰশিক্ষণত ৰজাবাৰী অঞ্চলৰ ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰিছে আৰু সকলোকে আজি প্ৰয়োজনীয় সঁজুলি একোটাকৈ চেট প্ৰদান কৰা হয় ৷ এই উপলক্ষে ৰজাবাৰী ভকত চাপৰিত আয়োজিত এক অনুষ্ঠানত বোকাখাতৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালৰ উপস্থিতিত কেন্দ্ৰীয় হস্তশিল্প বিভাগৰ গুৱাহাটী কাৰ্যালয়ৰ বিষয়া  জয়ন্ত সিঙে ৩০ গৰাকী প্ৰশিক্ষাৰ্থীক এই সঁজুলি সমুহ প্ৰদান কৰে ৷ এই ৩০ গৰাকীৰ মাজত ৭ গৰাকী মহিলা প্ৰশিক্ষাৰ্থী ৷ উল্লেখ্য যে এই প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণৰ শেষত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্টিচান কাৰ্ড প্ৰদান কৰিব ৷ বিগত এসপ্তাহ জুৰি চলি থকা এই প্ৰশিক্ষণত গোলাঘাট কমাৰবন্ধাৰ নিৱাসী শিল্পী ভাস্কৰজ্যোতি শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত কাষৰীয় অনান্য অঞ্চলতো সুবিধানুসৰী এনে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও কেন্দ্ৰীয় হস্তশিল্প বিভাগৰ বিষয়া জয়ন্ত সিঙে মন্তব্য কৰে ৷ উল্লেখ্যযে ভাৰতীয় হস্তশিল্প অভিযানৰ অধীনত ইতিমধ্যেই দেশৰ ১৪৯২ টা স্থানত প্ৰশিক্ষণত ২৯.৪ লাখ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষন গ্ৰহন কৰিছে ৷ এনে প্ৰশিক্ষাৰ্থীৰ মাজত এতিয়ালৈকে ৬০৬০১ চেট সঁজুলী প্ৰদান কৰিছে কেন্দ্ৰী হস্তশিল্প বিভাগে ৷ বিভাগীয় সুত্ৰই দিয়া তথ্যমতে এই লানি প্ৰশিক্ষণৰ জডড়িয়তে ইতিমধ্য সমগ্ৰ দেশতে মুঠ ১ লাখ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ সমাপ্ত কৰি আৰ্টিচান কাৰ্ডো লাভ কৰিছে ৷

ইফালে কাজিৰঙাৰ কৰ্তৃপক্ষৰ উদ্যোগতে কেন্দ্ৰীয় ৰেচম বিভাগে বোকাখাতৰ ধোৱাআটি বেলগুৰি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ   গৰাকী আৰু পানবাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ গৰাকী শিপিনীক ৰেচম শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ ৰেচমৰ এই বিশেষ প্ৰশিক্ষণত তাঁত শালৰ জাকাৰ্ট মেচিন আৰু ৰেচম সুঁতাৰো যোগান ধৰা হৈছে ৷ উল্লেখ্য যে শিপিনী সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী দেশৰ বিভিন্ন মেলাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হ’ব যাৰ পৰাশিপিনী সকলে উচিত মুল্যও লাভ কৰিব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

**************