মহিলা হিতাধিকাৰীসকললৈ পাঁচশ টকাকৈ মুকলি

মহিলা হিতাধিকাৰীসকললৈ পাঁচশ টকাকৈ মুকলি
মহিলা হিতাধিকাৰীসকললৈ পাঁচশ টকাকৈ মুকলি

গ্রাম্য উন্নয়ন মন্ত্র্যালয়ে এই মাহৰ বাবে প্রধানমন্ত্রী জন ধন যোজনাৰ একাউণ্ট থকা প্রতিগৰাকী মহিলাৰ বাবে পাঁচশ টকাকৈ মুকলি কৰি দিছে৷ কালি এই ধন তেওঁলোকৰ একাউণ্টত জমা দিয়া হয়৷ প্রধানমন্ত্রী গৰিব কল্যাণ আঁচনিৰ অধীনত অহা তিনি মাহৰ বাবে প্রতিগৰাকী মহিলাক মাহে পাঁচশ টকাকৈ এককালীন সাহায্য দিবলৈ চৰকাৰে সিদ্ধান্ত লোৱা বুলি বিত্ত মন্ত্রী নির্মলা সীতাৰমণে ঘোষণা কৰাৰ পাছত এই ধন জমা কৰা হয়৷

যিসকলৰ একাউণ্টত এই ধন জমা হৈছে সেইসকলক বেংকবোৰে এছ এম এছ যোগে বা আন ৰাজহুৱা মাধ্যমযোগে জনাব৷ হিতাধিকাৰীসকলে সামাজিক দূৰত্ব ৰক্ষা কৰি এ টি এমৰ পৰা ধন উলিয়াব পাৰিব বা ৯ এপ্রিলৰ পাছত বেংকৰ শাখালৈ গৈ ধন উলিয়াব পাৰিব৷