আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত বোকাখাতত বিশিষ্ট কবি-লেখিকা-শিক্ষাবিদ নিজৰা বৰঠাকুৰক সম্বৰ্ধনা :

আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত বোকাখাতত বিশিষ্ট কবি-লেখিকা-শিক্ষাবিদ নিজৰা বৰঠাকুৰক সম্বৰ্ধনা :
Aiidesh Photo

Aiidesh News :  25 February - 2024 : 

বোকাখাতৰ বিশিষ্ট কবি, লেখক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰক আজি বোকাখাতৰ নিজা বাস ভৱনত গুৱাহাটীৰ আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে নিজৰা বৰঠাকুৰে বিগত সময়ত সমাজৰ বহু পিছ পৰা  দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক ভাৱে যথেষ্ট সহায় কৰি আহিছে । বিগত অসম আন্দোলনৰ এগৰাকী শক্তিশালী নেত্ৰী হিচাবেও নিজৰা বৰঠাকুৰ জড়িত আছিল ৷ নিজৰা বৰঠাকুৰ গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন বিষয় ববীয়া, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি । 

কবি সাংবাদিক অজন্তা তালুকদাৰে আঁত ধৰা নিজৰা বৰঠাকুৰৰ বাসগৃহত আয়োজিত আজিৰ সম্বৰ্ধনা অনুষ্ঠানত আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ হৈ দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞি, সাংবাদিকদ্বয় কুমুদ নাথ আৰু ত্ৰিদিৱ দাসৰ উপৰিও সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট কবি-লেখিকা তথা গোলাঘাট জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কল্পনা চেতিয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি সম্পাদক বুবুল দত্ত আৰু নীলু আচাৰ্য, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাতৰ সভাপতি আনিছুৰ ৰহমান, ৱাৰ্ড কমিচনাৰ ৰাজীৱ দাস, বিশিষ্ট নাট্যকাৰ সাংবাদিক অমৰ শৰ্মা, গ্ৰাছ বোকাখাতৰ সভাপতি অংকুৰ বৰঠাকুৰ আদি উপস্থিত থাকে ৷ অনুষ্ঠানত নিজৰা বৰঠাকুৰক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰ লগতে কাকত-আলোচনীৰ টোপোলাৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত জিতু শৰ্মা ৰাজখোৱাই নিজৰা বৰঠাকুৰৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে আনিছুৰ ৰহমান, সূৱৰ্ণ শইকীয়া বৰদলৈ, কল্পনা চেতিয়া, গীতাঞ্জলি কলিতাৰ উপৰিও দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । সম্বৰ্ধনা প্ৰাপক নিজৰা বৰঠাকুৰে ধন্যবাদসূচক বক্তব্য ৰাখে ।

*********