বোকাখাতত খৰিৰ মাজত বান্ধি অনা অৱস্থাত কাজিৰঙাৰ গুঁই সাপ উদ্ধাৰ : গোচৰ ৰজু :

বোকাখাতত খৰিৰ মাজত বান্ধি অনা অৱস্থাত কাজিৰঙাৰ  গুঁই সাপ উদ্ধাৰ :  গোচৰ ৰজু :
Aiidesh Photo

Aiidesh News  : 17 May - 2024  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাধীন বোকাখাতৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত সময় সুযোগ লৈ বিভিন্ন সময়ত নীতি বৰ্হিভুত ভাৱে প্ৰৱেশ কৰি অতি সংগোপনে খৰি সংগ্ৰহ কৰে কাষৰীয় গাওঁৰ একাংশ লোকে ৷ স্থানীয় কেতবোৰ দল সংগঠনেও বন আইনৰ দোহাই দি এই কাৰ্যত হাত উচটনি যোগায় ৷ খৰি সংগ্ৰহৰ নামত অতি সংগোপনে বনাঞ্চলত প্ৰৱেশ কৰা এনে লোকে খৰি সংগ্ৰহৰ নামত পানবাৰী বনাঞ্চলৰ বহু মৃল্যবান গছ কটাৰ লগতে সংগোপনে বনাঞ্চলৰ বিপন্ন বহু চৰাই আৰু বন্যপ্ৰাণী হত্যা কৰাৰ উদাহৰণ আছে  ৷ আজিও পানবাৰী বনাঞ্চলত অতি সংগোপনে প্ৰৱেশ কৰি খৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ লোকক প্ৰত্যক্ষ কৰে বনকৰ্মীয়ে ৷ নীতি বৰ্হিভুত ভাৱে প্ৰৱেশ কৰা এই লোকসকলে বনকৰ্মীৰ গাড়ী দেখি বনাঞ্চলৰ পৰা পলায়ন কৰে যদিও তেওঁলোকে সংগ্ৰহ কৰা খৰিৰ মুঠা বনাঞ্চলতে পেলায় থৈ যায় ৷ এনে খৰিৰ মুঠাৰ মাজতে সুমুৱাই বান্ধি অনা এটা গুঁই সাপ উদ্ধাৰ কৰে বনকৰ্মী সকলে ৷ বিৰল প্ৰজাতিৰ গুঁইটো হত্যা কৰি খৰিৰ মাজত সুমুৱাই আনিছিল দলটোয়ে ৷ খৰিৰ মুঠাৰ সৈতে মৃত গুঁইটো উদ্ধাৰ কৰে বনকৰ্মীয়ে ৷ ঘটনাৰ সন্দৰ্ভত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলত এটা গোচৰ ৰজু কৰি অপৰাধীক কৰায়ত্ব কৰাৰ বাবে ব্যৱস্থা হাতত লৈছে বন বিভাগে ৷ গুঁই সাপ আন্ত: ৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনৰ ৰেড ডাটা তালিকা মতে বিপদাগ্ৰস্ত আৰু চাইটচ নামৰ সংগঠনৰ দ্বিতীয় তালিকাভুক্ত আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ প্ৰথম তালিকাভূক্ত প্ৰাণী ৷ ঘটনাৰ পিচত এতিয়ালৈকে কোনো লোকক আটক কৰা নাই বন বিভাগে ৷

*********