চেতনা নাশক প্ৰয়োগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা আহত বনৰীয়া হাতীক চিকিৎসা প্ৰদান :

চেতনা নাশক প্ৰয়োগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা আহত বনৰীয়া হাতীক চিকিৎসা প্ৰদান :
Photo by Uttam Saikia


বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি এটৈ আহত বনৰীয়া হাতীক চিকিৎসা প্ৰদান কৰা হয় ৷ আহত মখনা হাতীটোক দুদিনৰ আগতে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ কাজিৰঙা বীট এলেকাৰ বনাঞ্চলত প্ৰত্যক্ষ কৰে বনকৰ্মীয়ে ৷ এটা  ভৰিত পোৱা আঘাতেৰে বনাঞ্চল আৰু কাষৰীয় অঞ্চলত বিচৰন কৰিছিল এই হাতীটোয়ে ৷ আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পানবাৰীত থকা বন্যপ্ৰাণী  পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসকৰ ডা৹ চামচুলি আলিৰ সহায়ত আহত হাতীটোৰ চিকিৎসা প্ৰদান কৰে ৷ বনাঞ্চলিক বিষয়া চেলিম আহমেদৰ তত্বাৱধানত কহঁৰা বনাঞ্চলৰ লাওঁডুবি বন শিবিৰৰ সমীপত প্ৰাপ্ত বয়স্ক হাতীটোক চেতনা নাশক প্ৰয়োগ  কৰি চিকিৎসা প্ৰদান কৰে পানবাৰী কেন্দ্ৰৰ ডা৹ চামচুল আলিয়ে ৷ পশু চিকিৎসক জনৰ মতে অন্য হাতীয়ে আক্ৰমন কৰি মৰা খুন্দাত হাতীটোৰ আগ ফালৰ ভৰিত আঘাত পাব পাৰে ৷ যাৰ বাবে হাতীটোৰ ভৰিৰ হাঁড় ভাঙি যোৱাৰ সম্ভাৱনাও আছে ৷ হাতীটোৰ শৰীৰত অন্য কোনো আঘাতৰ চিন নাই বুলি জনায় ডা৹ চামচুল আলিয়ে ৷ সচৰাচ বনাঞ্চৰ ভিতৰত পাৰস্পৰিক যুঁজৰ বাবে এনে হোৱা দেখিবলৈ পোৱা যায় ৷  চিকিৎসা প্ৰদান কৰাৰ পাচত  হাতীটো এতিয়া লাওঁডুবি বিলৰ পাৰতে আছে ৷ কিছুদিনৰ বাবে হাতীটোক নিৰীক্ষণত ৰখিবৰ বাবে পৰামৰ্শ দিছে পশু চিকিৎসকে