যক্ষ্মা ৰোগ সম্পৰ্কত বোকাখাতত ঔষধ পৰিদৰ্শকৰ বিশেষ সজাগতা সভা :

যক্ষ্মা ৰোগ সম্পৰ্কত বোকাখাতত ঔষধ পৰিদৰ্শকৰ বিশেষ সজাগতা সভা  :
Aiidesh Photo
যক্ষ্মা ৰোগ সম্পৰ্কত বোকাখাতত ঔষধ পৰিদৰ্শকৰ বিশেষ সজাগতা সভা  :

যক্ষ্মা ৰোগ সম্পৰ্কত বোকাখাতত ঔষধ পৰিদৰ্শকৰ বিশেষ সজাগতা সভা  :

Aiidesh News : 30th August :

দেশজুৰি যক্ষ্মা ৰোগৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে বোকাখাততো ৰবিবাৰৰ দিনা জেষ্ঠ ঔষধ পৰিদৰ্শকৰো এক সজাগতা সভা অনুস্থিত হয় । ২০২৫ চনৰ ভিতৰত সমগ্ৰ দেশৰ পৰা যক্ষ্মা ৰোগ নিশেষ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লক্ষ্য স্হিৰ কৰিছে । ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ পৰা সমূলি এই ৰোগ নাইকীয়া কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে । সমগ্ৰ দেশত যক্ষ্মা আৰু পলিঅ' ৰোগ প্ৰায় নিয়ন্ত্ৰন হোৱাৰ পিছত যক্ষ্মা ৰোগৰ বিৰুদ্ধে বিভিন্ন ঠাইত অভিযান চলাই আছে । 

ৰবি বাৰৰ দিনা বোকাখাত নাট্য মন্দিৰত যোৰহাট আৰু গোলাঘাট জিলাৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন শৰ্ম্মা আৰু  কনিষ্ঠ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাই যক্ষ্মাৰোগৰ বিৰুদ্ধে এক সজাগতা সভা অনুস্থিত কৰে । সভাত বোকাখাত মহকুমাৰ প্ৰায় ৫০ অধিক ঔষধ ব্যৱসায়ীয়ে অংশ গ্ৰহন কৰে ৷ সভাত যক্ষ্মাৰোগৰ ঔষধ বিক্ৰী কৰাৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কত এক সজাগতাৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হয় । বোকাখাত মহকুমা ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি আশুতোষ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত জেষ্ঠ পৰিদৰ্শক হৰেন শৰ্ম্মাই কয় যে কেৱল যক্ষ্মা ৰোগৰ ক্ষেত্ৰতে নহয় ঔষধ ব্যৱসায়ী সকলে গ্ৰাহকক কেনেদৰে ঔষধ বিক্ৰী কৰিব পাৰিব সেই বিষয়েও অৱগত কৰিব লাগিব ৷ সকলো গ্ৰাহক আৰু ৰোগীক মানৱতাৰ দৃষ্টি ভংগীৰে চোৱাটো উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে চিকিৎসকৰ বিধান পত্ৰৰ বিপৰীতে আন ঔষধ দিয়াটো অনুচিত লগতে যক্ষ্মা ৰোগীৰ দৰব দিয়াৰ ক্ষেত্ৰত এতিয়াৰ পৰা যক্ষ্মা ৰোগীৰ সম্পূৰ্ণ তথ্য স্বাস্থ্য বিভাগক জমা দিবলৈও তেওঁ আহ্বান জনায় ৷ এনে কৰিলে পৰৱৰ্ত্তী সময়ত যক্ষ্মা ৰোগীক চিকিৎসা প্ৰদানত সহায়ক হয় ৷

কণিষ্ঠ উপ পৰিদৰ্শক জাহ্নৱী কলিতাই বক্তব্য আগবঢ়াই কয় যে ফাৰ্মাচী সমূহ যাতে পৰিস্কাৰ পৰিচ্ছন্নতাকৈ ৰখা হয় তাৰ প্ৰতি দৃষ্টি দিয়া উচিত ৷ ঔষধ দোকান সমূহ এক সন্মানজনক ব্যৱসায় ইয়াত সহায়ক গৰাকী শিক্ষিত হোৱাটো অতিকৈ জৰুৰী বুলিও তেওঁ মন্তব্য কৰে । সভাত গোলাঘাট জিলাৰ ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি মহম্মদ মুক্তাব আলী, সম্পাদক দ্বীপজ্যোতি শৰ্ম্মাও উপস্হিত থাকে । বোকাখাত মহকুমাৰ ঔষধ ব্যৱসায়ী সন্থা অতি শীঘ্ৰে পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব বুলিও জিলাৰ সভাপতি আৰু সম্পাদকে সভাত  উল্লেখ কৰে ।

********