বিশিষ্ট সাহিত্যিক নলিনী বালা হাজৰিকা আৰু লেখিকা ফুনু গোস্বামীলৈ সাহিত্য ৰত্ন বঁটা |

বিশিষ্ট সাহিত্যিক নলিনী বালা হাজৰিকা আৰু লেখিকা ফুনু গোস্বামীলৈ সাহিত্য ৰত্ন বঁটা |

অসম জ্ঞানৰত্ন সমন্বয় গোষ্ঠীৰ উদ‍্যোগত যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন  সভানেত্ৰী ,কবি,গীতি কাৰ,উপন‍্যাসিক তথা কাব‍্যনন্দিনী নলিনী বালা হাজৰিকাক আজি  "সাহিত্য ৰত্ন " বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। তদুপলক্ষে আজি  বিশিষ্ট সাহিত্যিক গৰাকীৰ নিমাতীপথৰ  শান্তিপুৰস্থিত  বাসগৃহত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা  কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভিপতি ড°ৰাতুল চন্দ্ৰ বৰাই।বিশিষ্ট অতিথি সকলক আদৰনি জনোৱাৰ  পাছতেই  সভাৰ উদ্দেশ্যে বাখ‍্যা কৰে জিলা সাহিত্য সভাৰ  সম্পাদক মাধৱ মহন্তই। অনুষ্ঠানত উত্তৰ -পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ  উপদেষ্টা হেমচন্দ্ৰ বৰ্মনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণকৰি ভাষণত পুৰণি সংস্কৃতি উদ্ধাৰ আৰু পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতিৰ যোগেদি ভাতৃত্ববোধ গঢ়াৰ লক্ষ্য উদ্দেশ্যেই  অসম জ্ঞানৰত্ন সমন্বয় গোষ্ঠী গঠিত হোৱা বুলি উল্লেখ কৰি এইবাৰ "সাহিত্য ৰত্ন" বঁটা  বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰদান কৰা কথা সদৰি কৰে আৰু অনুষ্ঠানতেই  জিলা সাহিত্য সভাৰ সভাপতিৰ যোগেদি বিশিষ্ট কাব‍্যনন্দিনী গৰাকীক এখনি ফুলাম গামোছা,প্ৰশস্তি পত্ৰ আৰু স্মাৰক সহ সাহিত‍্য ৰত্ন বঁটা  প্ৰদান কৰে। অনুষ্ঠানত নলিনী বালা হাজৰিকাৰ স্বামী বিপিন চন্দ্ৰ হাজৰিকাৰ লগতে বিশিষ্ট অতিথি হিচাপে ক্ৰমে বিশিষ্ট সমাজ কৰ্মী গোবিন হাজৰিকা, বিশিষ্ট লেখক বংশী দত্তই অংশগ্ৰহণ কৰি ভাষণত সাহিত্যিক হাজৰিকাই সাহিত্য ৰত্ন বঁটা পাই যোৰহাটলৈ গৌৰৱ কঢ়িয়াই অনা বুলি সদৰি কৰে। বঁটা প্ৰাপক হাজৰিকাই আৱেগিক ভাৱে পূৰ্বৰ পুৰুষ তথা বিশিষ্ট সাহিত্যিক সকলৰ প্ৰেৰণাতেই এই সন্মান লাভ কৰা বুলি উল্লেখ কৰে ।লগতে বিয়লি অসম জ্ঞানৰত্ন সমন্বয় গোষ্ঠীৰ উদ‍্যোগত, কস্তোৰী প্ৰকাশনৰ সহযোগত ,বিশিষ্ট লেখিকা ফুনু গোস্বামীৰ যোৰহাট ৰজাবাৰী টোকোলাই স্হিত বাসগৃহত আয়োজিত গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ পৌৰহিত‍্য কৰে জিলাৰ সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাই।মাধৱ মহন্তই উদ্দেশ্যে বাখ‍্যা কৰা অনুষ্ঠানতেই বিশিষ্ট লেখিকা ফুনু গোস্বামী ৰচিত ক্ৰমে"জোনাকতে জোনালীয়ে মাতিলে ডাৱৰ","এছাতি সুৰভি "আৰু শেৱালিৰ কোমল পাহি"গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ধনমায়া ছেত্ৰীয়ে।অনুষ্ঠানত গুৱাহাটী স্হিত উত্তৰ পূৰ্ব  সাহিত্য সংস্কৃতি সন্মিনলৰ উপদেষ্টা হেমচন্দ্ৰ বৰ্মনে অংশলৈ বক্তব্য প্ৰদান কৰে ।লগতে অসম জ্ঞানৰত্ন গোষ্ঠীৰ সহযোগত,এচেৰেঙা ৰদালিৰ সহযোগত প্ৰস্তুত কৰা জ্ঞানৰত্ন ২০২১"সাহিত্য সুৰভি"বঁটা আনুষ্ঠানিক ভাৱে লেখিকা ফুনু গোস্বামীক জিলা সাহিত্য সভাৰ সভাপতিৰ যোগেদি প্ৰদান কৰে। কস্তোৰী প্ৰকাশনৰ স্বত্বাধিকাৰ ৰেৱ বৰাই আঁতধৰা দুইটা অনুষ্ঠানত বহু সংখ‍্যক বিশিষ্ট ব্যক্তি  উপস্থিত আছিল ।

-নেকিব আহমেদ