কাজিৰঙাত বন ছহীদ দিৱস উদযাপন : বন ছহীদ পৰিয়ালক সম্বৰ্ধনা :

কাজিৰঙাত বন ছহীদ দিৱস উদযাপন  : বন ছহীদ পৰিয়ালক সম্বৰ্ধনা  :
Aiidesh Photo

Aiidesh News  : 11th September  :

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো আজি বন ছহীদ দিৱস উদযাপন কৰা হয় ৷ সামাজিক বনানিকৰণ বিভাগৰ সগযোগত কহঁৰাৰ বন ছহীদ স্মৃতি উদ্যানত আয়োজিত এই দিৱসৰ পুৱা নাম প্ৰসঙ্গৰে দিৱসৰ শুভাৰম্ভ কৰা হয় ৷ বিভিন্ন সময়ত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিজৰ জীৱন বলিদান দিয়া বন ছহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷ শ্ৰদ্ধাঞ্জলি জনাই দিয়া ভাষণত ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে কয় যে বন আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ বাবে ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিককে অধিকাৰ প্ৰদান কৰিছে যদিও বন আৰু বন্যপ্ৰাণীক প্ৰতিৰক্ষা দিয়াতো এতিয়া বনকৰ্মী সকলৰ বাবে এক প্ৰত্যাহ্বান ৷ এই পটভুমিত কাজিৰঙাৰ সংৰক্ষণৰ ১২০ বছৰীয়া ইতিহাসত এনে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ যি সকল বনকৰ্মীয়ে কৰ্তব্যৰত অৱস্থাতে নিজৰ প্ৰাণ আহুতি দিলে সেই বন ছহীদ সকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো ৷ 

আজি পুৱাৰ এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তৰফৰ পৰা বন ছহীদ মাউট মহেন্দ্ৰ কৰ্মকাৰৰ পৰিবাৰ ভানু কৰ্মকাৰ আৰু বনকৰ্মী কল্যানগিৰি অধিকাৰীৰ ভাতৃ খনীনগিৰি অধিকাৰীক ফুলাম গামোছা আৰু স্মাৰকে সম্বৰ্ধনা প্ৰদান কৰে ৷ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, শশীধৰ ৰেড্ডি, হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সভাপতি কমল গগৈ, জীপ চাফাৰী সন্থাৰ তুলসী গগৈ,জেষ্ঠ সাংবাদিক স্বপন নাথ, অৱসৰ প্ৰাপ্ত বন বিষয়া গৰ্গসিং ডেকাৰজা আৰু বনাঞ্চলিক বিষয়াৰ লগতে সমুহ বিষয়া কৰ্মচাৰীয়ে বন ছহীদ স্মাৰকত চাকি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰে ৷

    *******