সাংবাদিকৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমা আচঁনিক আদৰনি জোনাই প্ৰেছ ক্লাৱৰ

সাংবাদিকৰ বাবে  মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমা আচঁনিক আদৰনি জোনাই প্ৰেছ ক্লাৱৰ
Image Courtesy : Freepress Journal

ভাস্কৰজ্যোতি টায়েং, জোনাই, :
বিশ্বজুৰি আতংক সৃষ্টিকাৰী কৰ'না ভাইৰাছ কোভিড-19 ক প্ৰত্যাহ্বান জনাই  নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ'না ভাইৰাছ ভয়াৱহতা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে নিজৰ কৰ্তব্যত আত্মনিয়োগ কৰা অসমৰ সাংবাদিক সকলকো ৫০ লাখ টকাৰ জীৱন বীমা আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘোষণা কৰা সিদ্ধান্তক বিপুল আদৰনি জনাইছে জোনাই প্ৰেছ ক্লাৱে  । জোনাই প্ৰেছ ক্লাৱৰ সভাপতি গৌতম পেগু আৰু  সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি টায়েঙে   ত্ৰাস সৃষ্টিকাৰী কৰ'না ভাইৰছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ  পূৰ্ণ সহযোগীতাৰ  সমান্তৰালকৈ ৰাজ্য খনৰ চুকে কোণে জনসচেতনতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সাংবাদিক সকলে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে  বুলি উল্লেখ কৰি এনে এটা দুৰ্যোগৰ সময়ত সাংবাদিক বা সংবাদসেৱী সকলৰ উপকাৰ হোৱাকৈ মূখ্যমন্ত্ৰী গৰাকীয়ে ঘোষনা কৰা  ৫০ লাখ টকাৰ বীমা আঁচনিয়ে সাংবাদিক সকলৰ কৰ্তব্যত পালনত  মনোবল আৰু অধিক বৃদ্ধি কৰিব বুলি দোহাৰি মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।