কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গঁড় হত্যাত জড়িত তিনি গঁড় চিকাৰীক কৰায়ত্ব কাৰ্বি আংলং আৰক্ষীৰ : এ কে চিৰিজৰ ৰাইফলৰ লগতে বৃহৎ পৰিমানৰ গুলী বাৰুদ উদ্ধাৰ :

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গঁড় হত্যাত জড়িত তিনি গঁড় চিকাৰীক কৰায়ত্ব কাৰ্বি আংলং আৰক্ষীৰ : এ কে চিৰিজৰ ৰাইফলৰ লগতে বৃহৎ পৰিমানৰ গুলী বাৰুদ  উদ্ধাৰ :
Photo : Uttam Saikia

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গঁড় হত্যাত জড়িত তিনি গঁড় চিকাৰীক কৰায়ত্ব কাৰ্বি আংলং আৰক্ষীৰ : এ কে চিৰিজৰ ৰাইফলৰ লগতে বৃহৎ পৰিমানৰ গুলী বাৰুদ  উদ্ধাৰ :


AIIDESH NEWS. 3 June :


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰী বিলৰ পাৰত সংঘৰ্টিত গঁড় হত্যাত জড়িত তিনি গঁড় হত্যাকাৰীক কৰায়ত্ব কৰিছে কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ৷ অগৰাতলিত ৯ মে' ৰ বিয়লি উদ্ধাৰ হৈছিল এটা খৰ্গ বিহীন মতা গঁড়ৰ মৃতদেহ ৷ ঘটনাস্থলীত বনকৰ্মীয়ে উদ্ধাৰ কৰিছিল এ কে ৪৭ ৰাইফলৰ ৮ জাঁই ব্যৱহৃত গুলী ৷ ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত ৰজু হোৱা এটা গোচৰৰ আধাৰত আৰম্ভ হৈছিল গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান ৷ অৱশেষত কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে কাজিৰঙাৰ অগৰাতলিত গঁড় হত্যাত জড়িত সাত জনীয়া দুধৰ্ষ গঁড় চিকাৰী দলৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়  ৷ যোৱা ১ জুনত আটক কৰা গঁড় চিকাৰী কেইজন হ'ল মনিপুৰৰ চুড়াচান্দ পুৰৰ ডেভিড চিয়ামা , জখলাবন্ধাৰ শাকমুঠি চাহ বাগিছাৰ বিকি থাপা, নগাঁও চালনাৰ চাইমন লাৰকা ৷ ইফালে এই দলৰে মাংবই পাইটে নামৰ চিকাৰীজন নাগালেণ্ড অসম সীমান্তত আৰক্ষীৰে হোৱা গুলীয়া গুলীত ঘটনাস্থলীতে নিহত হয় বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷ আটকাধীন গঁড় চিকাৰীৰ দলটোৰ পৰা কাৰ্বি আংলং আৰক্ষীয়ে ১ টা একে ৪৭ , ২ টা এ কে ৫৬ ৰাইফল , ১ টা ডাবল বেৰেল ৰাইফল , ৪ শ সজীৱ গুলী , ১ টা গেনেড আৰু কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত যোৱা তাৰিখৰ গঁড় হত্যা কৰা বুলি ধৃত চিকাৰী দলটোয়ে স্বীকাৰ কৰিছে ৷