মাৰ্ঘেৰিটাৰ পেঙ্গেৰী অঞ্চলৰ তৰানী গাঁওৰ উন্নয়নৰ নমুনা

মাৰ্ঘেৰিটাৰ পেঙ্গেৰী অঞ্চলৰ  তৰানী গাঁওৰ উন্নয়নৰ নমুনা

তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত তৰানী গাঁওৰ ৩ নং ৱাৰ্ডৰ   ৰাস্তাৰ এই অৱস্থা ,২ নং তৰানী প্ৰাথমিক বিদ্যালয় পৰা চিকৰাজান জাতীয় বিদ্যালয়লৈ যোৱা একমাত্ৰ মুল পথটো এনে দূৰৱস্থা দেখিলে আপোনাৰ  চকু কপালত উঠিব । স্থানীয়

 বিধায়ক ভাস্কৰ শৰ্মা দেৱক বহুবাৰ আবেদন নিবেদন জনোৱাৰ পাছতো কোনো কাণ হাৰ নাই চৰকাৰী পক্ষৰ।পৰিতাপৰ বিষয় যে নিৰ্বাচনৰ আগমুহুতত কংগ্ৰেছ, বিজেপি,এটা দুটা নহয় প্ৰতিটো দলৰে নেতা ,মন্ত্ৰী আহি গাঁৱৰ সহজ সৰল ,অকৰা- অজলা ৰাইজক উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দি যায়। কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছত,পাহৰি যায় সকলো প্ৰতিশ্ৰুতি। সেইহে মাৰ্ঘেৰিটাৰ পেঙ্গেৰী অঞ্চলৰ  তৰানী গাঁও উন্নতিৰ জয়গান গোৱা বি , জে ,পি , চৰকাৰৰ উন্নয়নৰ নমুনা

 

 সমষ্টিটোৰ বিধায়ক ভাস্ক শৰ্মা হাই হাই  সবানন্দ সোনোৱাল হাই হাই ইত্যাদি শ্লৌগানে আকাশ বতাহ কপাই তুলে।