সংকটৰ মাজতো দেশত সেৱা অব্যাহত ৰাখিছে ব্লু ডার্টে

সংকটৰ মাজতো দেশত সেৱা অব্যাহত ৰাখিছে ব্লু ডার্টে
দেশত সেৱা অব্যাহত ৰাখিছে ব্লু ডার্টে

গোটেই পৃথিৱীত কভিড-১৯ৰ প্রাদুর্ভাৱৰ মাজত আমাৰ দেশখনেও এনেকুৱা পৰিস্থিতিৰ মাজেৰে গৈ আছে যাৰ কোনো পূর্ব অভিজ্ঞতা আমাৰ নাই আৰু অর্থনীতিতো ইয়াৰ ব্যাপক প্রভাৱ পৰিছে৷ সকলো প্রকাৰ যাতায়াত স্তব্ধ হৈ যোৱাৰ ফলত সকলো ক্ষেত্রৰ ব্যৱসায় আৰু সকলো দেশৰ স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে৷

জটিল এই পৰিস্থিতিত ভাৰতৰ ব্যৱসায় ক্ষেত্রখনৰ প্রতি নিজৰ সেৱাক যাতে একেবাৰে কমকৈ ব্যাহত ৰাখি কাম কৰিব পৰা যায় তাৰ বাবে ব্লু ডার্টে মহামাৰীৰ সময়ছোৱাৰ পৰিচালন পৰিকল্পনাৰ লগতে নিজৰ বিজনেছ কণ্টিনজেন্সি এণ্ড কণ্টিনিউটি প্লেন (BCCP)-ক সুচল ৰখাৰ লগতে উপযুক্ত ব্যৱস্থা অনুসৰি প্রতিৰোধ সম্বন্ধীয় ক্রিয়াকলাপকো ৰূপায়ণ কৰি আছে৷

তেওঁলোকৰ কুইক ৰেচপন্স টীমে সম্ভাব্য প্রভাৱসমূহক প্রশমিত কৰাৰ লগতে গোটেই দেশত যোগান শৃংখলক অব্যাহত ৰাখিবলৈ নিতৌ দিনে-ৰাতি কাম কৰি আছে৷ কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ গোটেই দেশত বিভিন্ন সামগ্রী মানুহৰ ওচৰত কঢ়িয়াই লৈ যোৱাৰ লগতে বিশেষকৈ মেডিকেল সৰঞ্জাম আৰু ফার্মাচিউটিকেলক উপযুক্ত ঠাইত কঢ়িয়াই লৈ যোৱাৰ কামত গুৰুত্ব প্রদান কৰি তেওঁলোকৰ ছয়খন ৭৫৭ বোয়িং ফ্রেইটাৰে দিনে-ৰাতি অহা-যোৱা কৰি আছে৷