বিজেপি যোৰহাট জিলাৰ সভাপতিৰ  ধুমুহাৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিয়ালক সাক্ষাৎ

বিজেপি যোৰহাট জিলাৰ সভাপতিৰ  ধুমুহাৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিয়ালক সাক্ষাৎ
ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল

তিতাবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিশেষকৈ বৰহোলা অঞ্চলৰ বৰহোলা খেৰেমা কছাৰী গাঁও, শিলডুবি গাঁও, লোশলীয়া, কলিতা চুক, বেতনি গাঁও, কাউৰী চুক, চৰাইবাহী, গজালিবাৰী, ২নং বছা, বছা গাঁও, মহিমাবাৰী, ছাত্ৰশালী আদি অঞ্চলত কালি বিধ্বংসী ধুমুহাই ক্ষতিগ্ৰস্ত কৰে। আজি বিজেপি যোৰহাট জিলাৰ সভাপতি  কামাখ্যা মোহন দাসে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিয়ালক সাক্ষাৎ কৰে। ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিtষদৰ মুখ্য কাৰ্যবাহী সদস্য  কুমুদ চন্দ্ৰ কছাৰী আৰু উপ মুখ্য কাৰ্যবাহী সদস্য  প্ৰতাপ কছাৰীৰ লগত আলোচনা মৰ্মে বেছিকৈ ক্ষতিগ্ৰস্ত ৫০ঘৰ পৰিয়ালক তৎকালীন ভাৱে তিৰপাল প্ৰদানৰ ব্যৱস্থা কৰে। ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণৰ সময়ত বিজেপি জিলা  সম্পাদকদ্বয়  দেৱজিৎ সোণোৱাল,  কংকনা সোণোৱালে সহযোগিতা কৰে। বিধ্বংসী ক্ষতিগ্ৰস্ত লোকসকলৰ বিষয়ে জিলা প্ৰশাসনক অৱগত কৰাৰ লগতে মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকো পৰ্যবেক্ষণৰ ব্যৱস্থা কৰে।