বোকাখাতৰ কৃষকৰ মাজত মহকুমা কৃষি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা শালিধানৰ কঠিয়াৰ বিতৰণ :

বোকাখাতৰ কৃষকৰ মাজত মহকুমা কৃষি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা শালিধানৰ কঠিয়াৰ বিতৰণ  :
Aiidesh Photo
বোকাখাতৰ কৃষকৰ মাজত মহকুমা কৃষি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা শালিধানৰ কঠিয়াৰ বিতৰণ  :

বোকাখাতৰ কৃষকৰ মাজত মহকুমা কৃষি বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা শালিধানৰ কঠিয়াৰ বিতৰণ  :

Aiidesh News  : 11 August  :

বানাক্ৰান্ত কৃষকৰ সাহাৰ্যৰ বাবে বোকাখাত মহকুমা কৃষি বিভাগে কৃষিমন্ত্ৰী অতুল বৰা আৰু বোকাখাতৰ মহকুমা প্ৰশাসনৰ সহযোগত বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তত কমিউনিটি নাৰ্চাৰী নামৰ আঁচনিৰ জড়িয়তে কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছিল ৷

কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত সিচাঁ এই কঠিয়া আজি বানাক্ৰান্ত কৃষকৰ মাজত বিতৰন কৰে মহকুমা কৃষি বিভাগে ৷ কঠিয়া বিতৰণ আৰম্ভনীৰ এই বিশেষ কাৰ্যসুচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ আৰু মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মাৰ লগতে বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷ 

আজি আনুষ্ঠানিক ভাৱে বিতৰন আৰম্ভ কৰা কঠিয়া সমুহ  বাহাদুৰ চাব ওৱান প্ৰজাতিৰ শালি ধানৰ কঠিয়া আৰু বোকাখাত মহকুমাৰ বিভিন্ন্ স্থানৰ মুঠ ৪০ হেক্টৰ কৃষি ভুমিত কৃষকৰ বাবে কঠিয়া পাৰিছিল মহকুমা কৃষি বিভাগে ৷ এই ৪০ হেক্টৰ ভুমিত পৰা কঠিয়াই মহকুমাটোৰ প্ৰায় ৫ হেজাৰ কৃষকক উপকৃত কৰিব পাৰিব বুলি জনায় মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই ৷ বিষয়া গৰাকীৰ মতে কৃষকৰ প্ৰয়োজন হলে বোকাখাতৰ মহকুমা কৃষি বিভাগৰ সৈতে যোগাযোগ কৰি কৃষকে এই কঠিয়া নিব পাৰিব বুলিও তেওঁ লগতে জনায় ৷

*******