কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৭ শতাংশ নম্বৰেৰে বোকাখাতৰ মৃনভ অনুপম শইকীয়াৰ ‘এ ষ্টাৰ ‘ গ্ৰেড লাভ :

কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৭ শতাংশ নম্বৰেৰে বোকাখাতৰ মৃনভ অনুপম শইকীয়াৰ ‘এ ষ্টাৰ ‘ গ্ৰেড লাভ  :
Aiidesh Photo
কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৭ শতাংশ নম্বৰেৰে বোকাখাতৰ মৃনভ অনুপম শইকীয়াৰ ‘এ ষ্টাৰ ‘ গ্ৰেড লাভ  :

Aiidesh News  : 23 May - 2024 : 

লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় অধীনৰ কেম্ব্ৰিজ ইন্টাৰনেচনেল এডুকেচনৰ দ্বাৰা বিশ্বৰ বিভিন্ন দেশত ২০২৩ - ২৪ শিক্ষা বৰ্ষত আয়োজন কৰা ইন্টাৰনেচনেল জেনেৰেল চাৰ্টিফিকেট অৱ চেকণ্ডেৰী এডুকেচন চমুকৈ আই জি চি এছ ইৰ দশম শ্ৰেনীৰ চূড়ান্ত পৰীক্ষাত বোকাখাতৰ কিশোৰ মৃনভ অনুপম শইকীয়াই ৯৭ শতাংশ নম্বৰেৰে ‘এ ষ্টাৰ’ গ্ৰেড লাভ কৰি সুখ্যাতিৰে উতীৰ্ণ হৈ বোকাখাতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ৷ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত আৰু স্বীকৃত এই দশম মানৰ পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ১০ শতাংশ ছাত্ৰ ছাত্ৰীকহে ‘এ ষ্টাৰ’ গ্ৰেড প্ৰদান কৰা হৈছে ৷  তাৰে ভিতৰত মৃনভ অনুপম শইকীয়াও আছে ৷ মৃনভ অনুপম শইকীয়াই মুম্বাইৰ দ্বাৰকীভাই গংগাধৰ খেটান ইন্টাৰনেচনেল স্কুলৰ পৰা দশম শ্ৰেনীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মৃনভ অনুপম শইকীয়া বোকাখাতৰ অনুপম শইকীয়া আৰু গীতাঞ্জলি শইকীয়াৰ সুযোগ্য সন্তান আৰু আপকুৰ প্ৰতিষ্ঠাপক সভাপতি সাংবাদিক প্ৰয়াত ভৱেশ শইকীয়াৰ নাতি ৷ 

*********