গৰুবিহুৰ দিনাই দুখীয়া দৰিদ্ৰৰ কাষত থিয় দিলে তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক মৃদুল কুমাৰ দত্ত

আজি গৰু বিহু । বিশ্বজোৰা ক'ৰ'না মহামাৰীৰ কোবাল ধুমুহাই অসমৰ আকাশ বতাহ পৰা ঢোল পেঁপাৰ মাত কাঢ়ি নিয়াৰ সময়ত অসমীয়াৰ চোতালত নাই হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি। অসমৰ গ্ৰাম্য সমাজৰপৰা ক'ৰ'নাই কাঢ়ি নিলে ৰঙ-ৰহইচ কৰাৰ সকলো আয়োজন। চৰকাৰী তলাবন্ধ কাৰ্যসূচীয়ে অসমৰ গ্ৰাম্য অৰ্থনীতি থৰক-বৰক কৰি দিয়াৰ সময়ত আৰ্থিক জুৰুলাত পৰি গাঁৱৰ দৰিদ্ৰ  জনসাধাৰণে হেৰুৱাই পেলাইছে জীৱনৰ সকলো ছন্দ। এই দুৰ্দিনৰ সময়ত তিতাবৰৰ দেওঘৰীয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালসমূহৰ কাষত গৰুবিহুৰ দিনাই থিয় দিলে তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক মৃদুল কুমাৰ দত্তৰ লগতে বাহিনীটোৰ বিষয়া জোৱান সকলে। কৰ্মসংস্হাপনৰ অভাৱত আৰ্থিক জুৰুলাত বিপযৰ্স্ত পৰিয়ালসমূহক একোটাকৈ খাদ্যৰ টোপোলা আৰু একোখনকৈ গামোচা উপহাৰ দি বছৰটোলৈ আৰ্শীবাদ বিছাৰে।