ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত,  যোৰহাটত আছুৰ প্ৰতিবাদ

ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় নৃত্য প্ৰয়োজনীয় সামগ্ৰী আকাশলংঘী  মূল্যৰ বৃদ্ধি হোৱাত আজি যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয় সন্মুখত ,  ছাত্ৰ সন্থাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । আৰু  ৰাজ্য চৰকাৰৰ লগতে ভাৰত চৰকাৰক সকীয়াই দিয়ে যে  অতি সোনকালে  মূল্য বৃদ্ধি ৰোধ কৰক । অন্যথা আগন্তক দিনত আৰু ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হব বুলি জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডে  সাংবাদিকৰ আগত উল্লেখ কৰে । 

 

গোৱালপাৰাত আছুৰ প্ৰতিবাদ

নতুন ঔদ্যোগিক নীতিৰ বিৰুদ্ধে সদৌ অসম গোৱালপাৰা জিলা ছাত্ৰ সন্থাই আজি চহৰৰ জেনিথ ক্লাৱৰ সন্মুখত একত্ৰিত হৈ  এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে I ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী মূর্দাবাদ, বিজেপি চৰকাৰ হায়   হায়, অসম চৰকাৰ নিপাত যাওক, চৰকাৰে ঔদ্যোগিক নীতি প্ৰত্যাহাৰ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বেদান্ত কেশ্যোৱে কয় কা'ৰ জৰিয়তে জাতি আৰু ঔদ্যোগিক নীতিৰ জৰিয়তে অসমৰ মাটি ধ্বংস কৰা আছুৱে কোনো পধ্যেই মানি নলয় বুলি সকীয়াই দিয়ে।।   

গোৱালপাৰাৰ পৰা আনিচুল জামানৰ ৰিপৰ্ট, এইদেশ ।

 

অত্যাৱশ্যকীয় দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত গোলাঘাটত

অত্যাৱশ্যকীয় দ্ৰব্য সামগ্ৰীৰ  মূল্য বৃদ্ধি ৰোধৰ দাবীত শুক্ৰবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ l গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে l নৰেন্দ্ৰ মোদী গ বেক,সৰ্বানন্দ সোণোৱালৰ লাজ নাই,বি জে পি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজ পথ l প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান কৰে যদিহে অতি শীঘ্ৰে চৰকাৰে মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহলে ভবিষ্যতে চৰকাৰ বিৰোধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব ছাত্ৰ সন্থা l এই দেশ গোলাঘাট ।