বোকাখাত বিধান সভা সমষ্টিত আম আদমী দলৰ সমিতি গঠন : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি :

বোকাখাত বিধান সভা সমষ্টিত আম আদমী দলৰ সমিতি গঠন  : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি  :
Aiidesh Photo
বোকাখাত বিধান সভা সমষ্টিত আম আদমী দলৰ সমিতি গঠন  : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি  :

বোকাখাত বিধান সভা সমষ্টিত আম আদমী দলৰ সমিতি গঠন  : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি  : 

Aiidesh News :  31 May 2023 ': 

আম আদমীৰ পাৰ্টীৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত বুধবাৰে আয়োজিত এক সভাত দলটোৰ বোকাখাত বিধান সভা সমিতি গঠন কৰা হয় ৷ আম আদমী পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পুলিন গগৈ আৰু সাংগঠনিক সম্পাদক মলিন আলীৰ উপস্থিতিত দলটোৰ বোকাখাত বিধান সভা সমিতিখন সৰ্ব সন্মতি ক্ৰমে গঠিত হয় ৷

সভাত সভাপতি হিচাবে দিগন্ত গগৈক, সম্পাদক হিচাবে লাকী নাহক, উপ সভাপতি হিচাবে লক্ষন বাউৰী, কপিল কুৰ্মী, দিগন্ত বড়ো, শেখ আব্দুল মালিক আৰু নেইনা আগ্ৰৱাল, সহ সম্পাদক হিচাবে অখিল গোৱলা, বিষ্ণু কৰ্মকাৰ আৰু অজয় বৈষ্ণৱক নিৰ্বাচন কৰাৰ উপৰিও পৰাণ গগৈ,  টাৰজান মোডী, বলীন নায়ক , নাথু দোষা, ভাস্কৰ শইকীয়া, জ্যোতিষ দাস আৰু চন্দন ৰাওক সাংগঠনিক সম্পাদক হিচাবে নিৰ্বাচন কৰি বোকাখাত বিধান সভা সমিতিখন গঠন কৰা হয় ৷ সভাত বোকাখাত বিধান সভা সমিতিখন গঠন কৰাৰ উপৰিও পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে বোকাখাত সমষ্টিত প্ৰস্তুতি সম্পুৰ্ণ কৰা বুলিও ঘোষণা কৰে ৷ ইয়াৰ বাবে সমষ্টিটোত সাংগঠনিক দিশত শক্তি শালী কৰিবৰ বাবে সভাত নতুন সমিতিক সকলোয়ে আহ্বান জনায় ৷

*******