কোৱাল সোঁতত উটি যোৱা তিনি কিশোৰক ব্ৰহ্মপুত্ৰ বুকুৰ পৰা উদ্ধাৰ কাজিৰঙাৰ বন কৰ্মীৰ :

কোৱাল সোঁতত উটি যোৱা তিনি কিশোৰক ব্ৰহ্মপুত্ৰ বুকুৰ পৰা উদ্ধাৰ কাজিৰঙাৰ বন কৰ্মীৰ :
Photo : Uttam Saikia

কোৱাল সোঁতত উটি যোৱা তিনি কিশোৰক ব্ৰহ্মপুত্ৰ বুকুৰ পৰা উদ্ধাৰ কাজিৰঙাৰ বন কৰ্মীৰ : 


AIIDESH NEWS. 19 July :


ব্ৰহ্মপুত্ৰৰ নদী কোৱাল সোঁতত উটি যোৱা তিনিজন কিশোৰক আজি বিয়লি ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা কোনো মতে উদ্ধাৰ কৰে কাজিৰঙাৰ বন কৰ্মীয়ে ৷ জানিব পৰা মতে গহপুৰৰ ৰাউনমুখৰ তিনিজন কিশোৰে গহপুৰৰ বাৰলী চাপৰিত নাঁৱেৰে ঘাঁহ কাটিবলৈ আহিছিল ৷ বিয়লি নাঁৱত উঠি ঘাঁহ কাটি থাকোতে কিশোৰ তিনিজন উঠি থকা নাওঁ খনক কোৱাল বতাহে লুটিয়াই দিয়াত তিনিওজন কিশোৰ পানী সৰি পৰে ৷ নাঁৱেৰে সৈতে তিনিও জন কিশোৰকে ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে যদিও কিশোৰ তিনিজনে পানীত ওভটি যোৱা নাঁও খনকে খামুচি ধৰি ব্ৰহ্মপুত্ৰত উটি যায় আৰু উদ্ধাৰৰ বাবে চিঞৰ মাৰে ৷ ব্ৰহ্মপুত্ৰ মাজত মৰা এই চিঞৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ মাকলুং বন শিৱিৰৰ বন কৰ্মীয়ে শুনি তাৎক্ষনিক ভাৱে বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাক জনোৱাত বিষয়া গৰাকীয়ে বিভাগীয় যন্ত্ৰ চালিত নাওঁ লৈ বনকৰ্মী বলিন বৰাক প্ৰেৰণ কৰে ৷ বলীন বৰা যন্ত্ৰ চালিত নাওঁ লৈ ব্ৰহ্মপুত্ৰৰ মাজত সোঁতত নাৱত খামুচি উটি গৈ থকা অৱস্থাত কিশোৰ  তিনিজনক অতি কষ্টৰে উদ্ধাৰ কৰে ৷ উদ্ধাৰৰ পাচত তিনিওকে অগৰাতলি বনাঞ্চলৰ ধানবাৰী বন শিৱিৰলৈ অনা হয় ৷ কিশোৰ তিনিজন ৰাউনমুখৰ  মহনজ্যোতি কুটুম, শংকৰ পেগু আৰু জয়গুৰ কুটুম বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ধানবাৰীৰ গাওঁবুঢ়াৰ ঘৰতে থকা কিশোৰ তিনিজনক অহা কাইলৈ ৰাউনমুখৰ গাওঁবুঢ়াৰ হাতত অৰ্পণ কৰা হ'ব বুলি জনাইছে বনাঞ্চলিক বিষয়াই ৷