শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুৰ গৃহভুমি আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত জৰাজীৰ্ণ বিদ্যালয়তে শিক্ষাগ্ৰহন এজাক কন কন ছাত্ৰ ছাত্ৰীৰ : সহাঁৰি নাই শিক্ষা বিভাগৰ :

শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুৰ গৃহভুমি আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত জৰাজীৰ্ণ বিদ্যালয়তে শিক্ষাগ্ৰহন এজাক কন কন ছাত্ৰ ছাত্ৰীৰ  : সহাঁৰি নাই শিক্ষা বিভাগৰ  :
Aiidesh Photo

Aiidesh News  : 25th October  :

বোকাখাত মহকুমাৰ গেলেকা বালিজান এলেকাত ১৯৬৬ চনতেই স্থাপিত গেলেকা বনুৱা প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি শ্ৰেণী কোঠাৰ অভাৱত পাঠদান কৰিব পৰা নাই শিক্ষকে ৷ বিদ্যালয় খনত ৩৫ বছৰৰ আগতে নিৰ্মান কৰা বিদ্যালয় গৃহৰ জৰাজীৰ্ণ অৱস্থা আৰু অতি বিপদজনক পৰিৱেশতে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হৈছে শিক্ষকে ৷ বিদ্যালয় গৃহৰ টিনৰ চালি আৰু বেৰ জহি খহি যোৱাৰ পিচত ভগ্ন গৃহতে ছাত্ৰ ছাত্ৰীক পাঠ দান কৰায় প্ৰধান শিক্ষক প্ৰবীন শইকীয়া আৰু সহ শিক্ষক জয়ন্ত গগৈয়ে ৷ দুজন শিক্ষকৰ দ্বাৰা পৰিচালিত গেলেকা বনুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৭০ জন ৷ বনৰীয়া হাতীৰ অধ্যুষিত আৰু বোকাখাত মহকুমাৰ অতি ভিতৰুৱা এই অঞ্চলৰ কন কন ছাত্ৰ ছাত্ৰী সকলে অতি দুখ লগাকৈ বিদ্যালয়ত শিক্ষা গ্ৰহন কৰি আহিছে ৷

পুৰণা বিদ্যালয় গৃহৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ২০০৭ চনত গেলেকা বনুৱা প্ৰাথমিক বিদ্যালয় চৌহদত শিক্ষা বিভাগে এটা শ্ৰেণী কোঠা নিৰ্মান কৰি দিছিল যদিও এই কোঠাৰ মাজতে অস্থায়ী বেৰা নিৰ্মান কৰি দুটা শ্ৰেণীৰ পাঠদান কৰাৰ উপৰিও প্ৰধান শিক্ষকৰ কোঠাৰ বাবেও ঠাই উলিয়াব লগা হৈছে ৷ বাকী প্ৰথম মানৰ পৰা তৃতীয় মানলৈকে তিনিটা শ্ৰেণীৰ পাঠদান বিদ্যালয়ৰ পুৰণা জৰাজীৰ্ণ গৃহতে চলাই থাকিব লগা হৈছে ৷ বিদ্যালয় খন শ্ৰেণী কোঠা নিৰ্মানৰ বাবে গোলাঘাট পশ্চিম শিক্ষা খণ্ডক একাধিক বাৰ আবেদন নিবেদন কৰিও কোনো সদোত্তৰ পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই ৷

এনে পটভুমিত যোৱা ৯ অক্টোবৰত গেলেকা বালিজানত আয়োজিত ৰাজহুৱা সভাতো বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মানৰ বাবে দাবী উত্থাপিত হয় ৷ বিদ্যালয় পকিচালনা সমিতিৰ সভাপতি বাবুলাল কালিন্দিৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাই গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ বোকাখাত কাৰ্যালয়ৰ খণ্ড শিক্ষা বিষয়াক আবেদন জনায় যদিও বিষয়াজনৰ পৰা কোনো সঁহাৰি লাভ নকৰে ৷ যাৰ বাবে অঞ্চলটোৰ ৰাইজে গেলেকা বনুৱা প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মান কৰি দিবৰ বাবে শিক্ষামন্ত্ৰী ৰনোজ পেগুক অনুৰোধ জনাইছে ৷ যাতে পিচপৰা অঞ্চলটোৰ কন কন ছাত্ৰ ছাত্ৰী সকল শিক্ষা গ্ৰহনৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা নহয় ৷ এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাকো বিদ্যালয় গৃহ নিৰ্মানৰ অনুমোদনৰ বাবে আবেদন জনাইছে গেলেকা বালিজান বাসী ৰাইজে  ৷

********