প্ৰকৃতি সংগঠন আৰণ্যক আৰু ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত বন বিভাগৰ সহযোগত ওদালগুৰিত হাতী - মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ কৰ্মশালাৰ :

প্ৰকৃতি সংগঠন আৰণ্যক আৰু ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত বন বিভাগৰ সহযোগত ওদালগুৰিত হাতী - মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ    কৰ্মশালাৰ :
Aiidesh Photos

প্ৰকৃতি সংগঠন আৰণ্যক আৰু ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত বন বিভাগৰ সহযোগত ওদালগুৰিত হাতী - মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ    কৰ্মশালাৰ :  

Aiidesh News : 23 June 2023 :

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ওদালগুৰি জিলা প্ৰশাসনে যৌথভাৱে ধনশিৰি বন সংমণ্ডলৰ সহযোগত ২০ জুনত ওদালগুৰিত হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰন আৰু সহৱস্থানৰ বিষয়ত এক কৰ্মশালাত অনুষ্ঠিত কৰে ৷

হাতী মানুহৰ সংঘাত পটভুমিত ২০১০ চনৰ পৰা এতিয়ালৈ ওদালগুৰিত ১৯০ জন মানুহ আৰু ৮৫ টা হাতীৰ মৃত্যু হৈছে ৷ যাৰ বাবে হাতী মানুহৰ সংঘাতৰ বাব্ ওদালগুৰি জিলা অসমৰ ভিতৰতে অন্যতম কেন্দ্ৰস্থল হিচাবে পৰিগনিত হৈছে ।

স্থানীয় লোকৰ উপস্থিতিত আয়োজিত এই কৰ্মশালাত আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি পি লহকৰ, জীৱবিজ্ঞানী ড০ আলোলিকা সিনহা, ওদলগুৰিৰ জিলা আয়ুক্ত ড০ সাদনেক সিঙ, ধনশিৰি বন সংমণ্ডলৰ ডি এফ অ' দিবাকৰ দাসে, সশস্ত্ৰ সীমা বলৰ ৬১ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজ কুমাৰ জালক্সো, ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত ছাৰফৰাজ হক, বন্যপ্ৰাণী কৰ্মী জয়ন্ত দাস আৰু অসম শক্তি বিতৰণ নিগম লিমিটেডৰ সহকাৰী মহাপ্ৰবন্ধক নবীন চন্দ্ৰ বড়ো আদিয়ে কৰ্মশালাত অংশগ্ৰহনকাৰী সকলৰৰ সৈতে মত বিনিময় কৰে ৷

কৰ্মশালাত হাতী মানুহৰ সংঘাট, হাতীৰ বাসস্থান সংৰক্ষণ,  বাসস্থান নিৰ্মান, হাতীৰ ব্যৱহাৰ,  চাহ বাগিচাত বনৰীয়া হাতী খেদিবলৈ কুনকী হাতীৰ ব্যৱহাৰ, হাতী অধ্যুষিত অঞ্চলত স্থানীয় সুৰাৰ প্ৰচলন আৰু প্ৰস্তত নিষিদ্ধ কৰা, বিদ্যুত পৰিবাহী তাঁৰ পৰিচালনা,  হাতীৰ বিচৰণ আৰু গতি বিধি নিৰীক্ষণ আদি বিষয়ত আলোচনা কৰা হয় ৷

************