স্বোৱাইন ফিভাৰৰ সংক্ৰমনে ক্ষতি কৰিব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক : নদীৰে উটি অহা গাহৰৰি মৃতদেহৰ ওপৰত নজৰ ৰাখিবলৈ বন বিষয়াক নিৰ্দেশ প্ৰধান মুখ্য বন সংৰক্ষকৰ :

AIIDESH. NEWS : May. 2 :

অসমৰ গাহৰিৰ শৰীৰত দেখা দিয়া স্বোৱাইন ফিভাৰৰ সংক্ৰমনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীকো বিপদাগ্ৰস্ত কৰিব পাৰে ৷ উজনিত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া গাহৰিৰ মৃতদেহে সংক্ৰমিত কৰিব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীকো ৷ ১ মে'ত কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত বানপানী সম্পৰ্কিত এক সভাত এই আশংকা ব্যক্ত কৰে অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবে ৷ আগন্তুক বানপানীৰ সন্মুখীন হ'ব পৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তৃপক্ষৰ সতে আলোচনা কৰিবলৈ অহা বিষয়া গৰাকীয়ে কাজিৰঙাত কেইবাখনো জিলাৰ উপায়ুক্ত , আৰক্ষী অধীক্ষকে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়াৰে আলোচনাত মিলিত হয় ৷ পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন দল সংগঠন, আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ সৈতেও সাম্ভাৱ্য বানপানীত লব পৰা ব্যৱস্থাৱলীৰ ওপৰত আলোচনা কৰে ৷  এই আলোচনাতেই এম কে যাদৱে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া স্বোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃতদেহে কাজিৰঙাৰ বন্যপ্ৰাণীক সংক্ৰমিত কৰিব পৰাৰ শংকা ব্যক্ত কৰে ৷ এইদৰে নদীত উটি অহা গাহৰিৰ মৃতদেহ যাতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা তাৰ কাষৰীয় অঞ্চলত সোমাব নোৱাৰে তাৰ বাবে দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বন বিষয়া সকলক নিৰ্দেশ দিছে বিষয়া গৰাকীয়ে ৷ সভাত বিষয়া গৰাকীয়ে গাহৰিৰ মৃতদেহ নদীত নেপেলাবলৈ ৰাইজক অনুৰোধ জনোৱাৰ লগতে অধিক সচেতনতা সৃষ্টি কৰিবলৈও আহ্বান জনায়  ৷ কভিড ১৯ ৰ বিশ্ব জোৰা সংক্ৰমনৰ সময়ত এইবাৰ বানপানী আহিলে কাজিৰঙাৰ বাবে এক পৃথক প্ৰত্যাহ্বান আহিব আৰু এইবাৰ বানপানীৰ সময়ত কৰ্তব্য কৰাতো বনকৰ্মীৰ বাবে যথেষ্ট কঠোৰ হব বুলিও এম কে যাদৱে কয় ৷ সেয়েহে কভিড ১৯ সংক্ৰমন প্ৰতিৰোধৰ সমুহ নীতি নিৰ্দেশনা মানি বানপানীৰ সম্পৰ্কত লব পৰা ব্যৱস্থাৱলী প্ৰস্তুত কৰিবৰ বাবে তেওঁ কাজিৰঙা কৰ্তৃপক্ষক আহ্বান জনায় ৷ এই সম্পৰ্কত সভাত উপস্থিত বিভিন্ন লোকে দিয়া পৰামৰ্শও তেওঁ গ্ৰহন কৰে ৷