অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট আৱন্তনৰ কেলেংকাৰী : বোকাখাতত আম আদমী পাৰ্টীৰ প্ৰতিক্ৰিয়া : সংবাদমেল :

অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট আৱন্তনৰ কেলেংকাৰী :  বোকাখাতত আম আদমী পাৰ্টীৰ প্ৰতিক্ৰিয়া : সংবাদমেল  :
Aiidesh Photo

Aiidesh News  : 9 February 2024  :

অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ এখন অভিলাষী ভাড়া ঘৰ আঁচনিৰ ঘৰ নীতি বৰ্হিভূত ভাৱে লৈ তৃতীয় পক্ষক অধিক ধনত ভাড়ালৈ দি একাংশ লোকে সংগোপনে ব্যৱসায়  চলায় থকাৰ তথ্য ২৯ জানুৱাৰীত প্ৰকাশ পোৱাৰ পিচত এতিয়া বোকাখাতত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই সম্পৰ্কত উচিত তদন্ত কৰিবৰ বাবে আহ্বান জনায় বোকাখাত উপ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আপৰ বোকাখাত বিধান সভা সমষ্টিয়ে ৷

এই সম্পৰ্কত আমাৰ আপৰ কৰ্মকৰ্তা বিজয় কুটুমে তথ্য জনা অধিকাৰ আইনেৰে জনোৱা আবেদনত লাভ কৰা তথ্য  অনুসৰি এই সংক্ৰান্তত লাভ কৰা অধিক তথ্যৰে আজি আম আদমীৰ পাৰ্টীৰ বোকাখাত গোটে আজি বোকাখাতত এক সংবাদ মেলৰ আয়োজন কৰে ৷ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত আয়োজিত এই সংবাদ মেল সম্বোধন কৰি আপৰ বোকাথাত গোটৰ সম্পাদক লাকি নাহকে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিৰ ফ্লেট আৱন্তনত হোৱা দুৰ্নীতিৰ সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী কৰে ৷ 

সংবাদ মেলত আপৰ তৰফৰ পৰা সদৰি কৰা তথ্য মতে বোকাখাতত অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ভাড়াঘৰ আঁচনিত ফ্লেট লাভ কৰা লোকৰ ভিতৰৰ   দ্ৰোণকান্ত শইকীয়া গোলাঘাট সমষ্টিৰ কমাৰবন্ধাৰ ৱিৱাসী ৷ একেদৰে বোকাখাতৰ পৌৰপতিৰ পত্নী আৰু পুত্ৰৰ লগতে দেৰগাঁও ভোলাগুৰি আৰু সৰুপথাৰ সমষ্টিৰ কানাইঘাটৰ লোকেও বোকাখাতত ফ্লেট লাভ কৰিছে ৷ ফ্লেট লাভ কৰা ১৪ নং হিতাধিকাৰী গতিৰাম বৰা হৈছে মন্ত্ৰী অতুল বৰাৰ গোলাঘাটৰ বামবৰহি গাঁৱৰ বাসিন্দা  আৰু ১৫ নং হিতাধিকাৰী পলাশ গগৈ খুমটাই সমষ্টিৰ বাসিন্দা ৷ আপৰ মতে এই হিতাধিকাৰী সকল নিম্ন আয়ৰ চৰকাৰী কৰ্মচাৰী নহয়  আৰু বোকাখাত নগৰৰ ব্যৱসায়ী আৰু অসম গন পৰিষদ দলৰ সক্ৰিয় কর্মকৰ্তাহে ৷  কেৱল দলীয় কৰ্মী আৰু মন্ত্ৰীৰ প্ৰিয়ভাজন হোৱাৰ বাবেই এই সকল লোকে নীতি বৰ্হিভুতভাৱে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ বোকাখাতত নিৰ্মান কৰা ভাড়াঘৰ আঁচনিৰ ফ্লেট লাভ কৰিবলৈ সক্ষম হোৱা বুলি আজিৰ সংবাদ মেলত আম আদমী পাৰ্টীৰ বোকাখাতৰ সম্পাদক লাকি নাহকে মন্তব্য কৰে ৷

*********