বোকাখাতৰ ৰৌদুৱাৰ গাওঁত লোমহৰ্ষক হত্যা কাণ্ড : স্বামীৰ দা ঘাপত নিহত হ'ল পত্নীৰ :

বোকাখাতৰ ৰৌদুৱাৰ গাওঁত লোমহৰ্ষক হত্যা কাণ্ড : স্বামীৰ দা ঘাপত নিহত হ'ল পত্নীৰ :
Photo : Uttam Saikia
বোকাখাতৰ ৰৌদুৱাৰ গাওঁত লোমহৰ্ষক হত্যা কাণ্ড : স্বামীৰ দা ঘাপত নিহত হ'ল পত্নীৰ :


সমগ্ৰ দেশতে লগ ডাউন চলি থকাৰ সময়তে শুক্ৰবাৰৰ দিনা বোকাখাত মহকুমাৰ নুমলীগড়ৰ ৰৌদুৱাৰ গাঁৱত  এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ পাৰিবাৰিক কন্দলৰ পৰিনতিত গাওঁখনৰ যুৱক লোহিত কছাৰীয়ে দাৰে ঘপিয়াই নিজৰ পৰিবাৰ ৰিচা মেচ কছাৰীক হত্যা কৰে ৷ নিজৰ বাসগৃহতে অটা কোঠাত আৱদ্ধ কৰি লোহিত কছাৰীয়ে এখন দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে পত্নী ৰিছা মেচ কছাৰীক ৷ নিৰ্দয় স্বামীৰ দাৰ ঘাপত ঘটনাস্থলীতে নিহত হয় যুৱতী পত্নী ৷  জানিব পৰী মতে তিনি বছৰৰ পূৰ্বেই ৰৌদুৱাৰ গাওঁৰ লোহিত কছাৰীয়ে বিবাহ কৰাইছিল ৰিচা মেচ কছাৰীক ৷ নি:সন্তান দম্পতি হাল মাজত দীৰ্ঘ দিন ধৰি কন্দলৰ সৃষ্টি হৈ আহিছিল ৷ পৰ পুৰুষৰ লগত থকা সম্পৰ্ক ৰখাৰ সন্দেহত  স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু এই কন্দলৰেই এইয়া পৰিনতি বুলি কব খোজে স্থানীয় লোকে ৷ পত্নীক ঘপিয়াই ঘপিয়াই হত্যা কৰা লোহিতক তেজে তুমুৰলী হোৱা অৱস্থাত আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত ঘটনা সংঘৰ্টিত হোৱা কোঠাৰ ভিতৰৰ পৰা কৰায়ত্ব কৰে ৷ হত্যাকাৰী লোহিত কছাৰী এতিয়া বোকাখাত আৰক্ষীৰ জিম্মাত ৷  ইফালে ঘটনাস্থলীৰ পৰা লোহিত কছাৰীয়ে পত্নী হত্যাত ব্যৱহাৰ কৰা তেজ লগা দা খন উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু ৰিছা মেচ কছাৰীৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে পঠাইছে বোকাখাত আৰক্ষীয়ে ৷