বোকাখাত জিলা পাঞ্জা সন্থাৰ উদ্যোগত সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সহযোগত বোকাখাতত অনুষ্ঠিত চতুৰ্থ সংখ্যক সদৌ অসম পাঞ্জা প্ৰতিযোগিতা সামৰণী :

বোকাখাত জিলা পাঞ্জা সন্থাৰ উদ্যোগত সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সহযোগত বোকাখাতত অনুষ্ঠিত চতুৰ্থ সংখ্যক সদৌ অসম পাঞ্জা প্ৰতিযোগিতা সামৰণী  :
Aiidesh Photo
বোকাখাত জিলা পাঞ্জা সন্থাৰ উদ্যোগত সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সহযোগত বোকাখাতত অনুষ্ঠিত চতুৰ্থ সংখ্যক সদৌ অসম পাঞ্জা প্ৰতিযোগিতা সামৰণী  :

Aiidesh News  : 23 March  2024  : 

বোকাখাত জিলা পাঞ্জা সন্থাৰ উদ্যোগত সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সহযোগত বোকাখাতত অনুষ্ঠত চতুৰ্থ সংখ্যক সদৌ অসম পাঞ্জা প্ৰতিযোগিতাৰ যোৱা নিশা সামৰণী পৰে ৷ বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত তিনিদুনীয়া এই প্ৰতিযোগিতাত ডিব্ৰুগড়, ধেমাজী, গোলাঘাট, হোজাই, কামৰূপ, নগাঁও, মৰিগাঁও, শোনিতপুৰ, তিনিচুকীয়া, অসম পুলিচ, নাহৰকটীয়া মহকুমা, চৰাইদেউ, আৰু শিৱসাগৰ জিলাৰ পৰা অহা চাৰি শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰিছিল ৷ ৯ টাকৈ  শাখাত পুৰুষ আৰু মহিলাৰ উপৰিও জুনিয়ৰ, চিনিয়ৰ আৰু মাষ্টাৰ্চ শিতানত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়  ৷

প্ৰতিযোগিতাৰ মহিলাৰ ১৮ বছৰ অনুৰ্ধৰ শাখাত দেশ্বিতা হাজৰিকা, ২১ বছৰ অনুৰ্ধ শাখাত কাৰিণা বৰা আৰু মহিলাৰ চিনিয়ৰ শাখাত টেচি ষ্টেনলিয়ে চেম্পিয়ন খিতাপ দখল কৰে ৷ একেদৰে পুৰুষৰ ১৫ বছৰ অনুৰ্ধৰ শাখাত বিশ্বজিত বৰা, ১৮ বছৰ অনুৰ্ধ শাখাত  হৰ্ষবৰ্ধন গগৈ, ২১ বছৰ অনুৰ্ধ শাখাত দিপন গৌড়, পুৰুষৰ চিনিয়ৰ শাখাত মনোজ দেৱনাথ আৰু পুৰুষৰ মাষ্টাৰ্চ শাখাত আৰ্চাদ হুছেইনে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

২০ মাৰ্চৰ বিয়লি প্ৰতিযোগী সকলৰ নাম পঞ্জীয়ন আদি সম্পাদনৰ পিচত ২১ আৰু ২২ মাৰ্চত অনুষ্ঠিত সদৌ অসম ভিত্তিত অনুষ্ঠিত এই পাঞ্জা প্ৰতিযোগিতাত সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য গোস্বামীয়ে, সাধাৰণ সম্পাদক দিগন্ত গগৈ আৰু ৱর্ড অফ কন্ট্রল ফৰ আর্ম ৰেষ্টলিং ইন ইন্ডিয়াৰ উপ সভাপতি অনুপ ৰাজকোঁৱৰৰ উপস্থিতিত ভাৰতৰ মূখ্য খেল পৰিচালক প্ৰাণজিত শইকীয়া সহ মূঠ ১২ গৰাকী খেল পৰিচালকে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰে ৷ যোৱা নিশা অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত কেবিনেট মন্ত্ৰী অতুল বৰা আৰু সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি আকাশ ফুকন উপস্থিত থাকে ৷ 

**********