বোকাখাতত ঠিকাদাৰৰ উদ্ভণ্ডালি : নিৰ্মান কাৰ্যৰ বাবে বিদ্যুত চুৰি : অবৈধ বিদ্যুত চুৰিৰ সঁজুলি জব্দ কৰাৰ পিচত বিদ্যুত কৰ্মচাৰীক হত্যাৰ ভাবুকি : আৰক্ষী থানাত গোচৰ :

 

Aiidesh News : 5 March 2024 : 

বোকাখাতত পশুপালন বিভাগৰ ঠিকাদাৰে হিন্দী চিনেমাৰ কায়দাৰে বিদ্যুত কৰ্মচাৰীক হত্যাৰ ভাবুকি দি চেলেং চাদৰ প্ৰেৰণ কৰা কাৰ্যই ক্ষোভিত কৰিছে বিদ্যুত কৰ্মচাৰী সকলক ৷ জানিব পৰা মতে বোকাখাতৰ পানবাৰীত থকা কৃষি বিভাগৰ উপ সঞ্চালকৰ কাৰ্যালয়ৰ সমীপত পশুচিকিৎসা আৰু পশুপালন বিভাগৰ ঠিকাদাৰে নিৰ্মান কৰি থকা গাহৰি প্ৰজনন কেন্দ্ৰৰ নিৰ্মান কাৰ্যত নীতি বৰ্হিভূত ভাৱে বিদ্যুত চুৰি কৰাৰ তথ্য পাইছিল বোকাখাতৰ বিদ্যুত বিভাগে ৷ এই তথ্যৰ আধাৰতেই ২ মাৰ্চৰ দিনা বিদ্যুত বিভাগৰ কৰ্মচাৰী ভৱকান্ত বৰাৰ নেতৃত্ব বিদ্যুত কৰ্মাচীৰৰ এটা দলে নিৰ্মানথলীত উপস্থিত হৈ বিদ্যুত চুৰিৰ তিনিটা উৎস উৎখাত কৰি বিদ্যুত সংযোগৰ সামগ্ৰী সমুহ জব্দ কৰে ৷ ইয়াৰ পিচতেই ঠিকাদাৰ গৰাকীৰ পৃষ্ঠপোষকতাত একাংশ সংবাদ মাধ্যমত বিদ্যুত কৰ্মচাৰীয়ে ডকাইতি আৰু ধন দাবী কৰাৰ বাতৰি প্ৰকাশ হৈছিল ৷

বিদ্যুত চুৰিৰ সামগ্ৰী সমুহ জব্দ কৰি চাৰ্জ চিট আৰু জৰিমনাৰ বিল ঠিকাদাৰলৈ প্ৰেৰণ কৰাৰ পিচত আজি  পুৱাবেলা বোকাখাতৰ জ্যোতিপুৰ নিৱাসী বিৰাজ মোহন বৰুৱা ওৰফে মিঠু নামৰ যুৱকজনে  ফোনযোগে বিদ্যুত কৰ্মচাৰী ভৱকান্ত বৰাক টেলিফোনেৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰে ৷ এই সম্পৰ্কত আজি বিদ্যুত বিভাগৰ বোকাখাতৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত বিদ্যুত বিভাগৰ সমুহ  বিষয়া কৰ্মচাৰী উপস্থিত হৈ বিদ্যুত চুৰিৰ সামগ্ৰী জব্দ কৰাৰ পিচত বিৰাজ মোহন বৰুৱাই মৃত্যুৰ ভাবুকি দিয়া কাৰ্যৰ প্ৰতিবাদ জনাই উচিত তদন্তৰে দোষীৰ শাস্তি প্ৰদানৰ বাবে দাবী জনায় ৷ 

সংবাদ মেলত বিদ্যুত কৰ্মচাৰী ভৱ কান্ত বৰাই বিৰাজ মোহন বৰুৱাই টেলিফোনেৰে দিয়া ভাবুকিৰ ৰেকৰ্ডিঙো সংবাদিক শুনায় ৷ এই ৰেকৰ্ডিংত বিৰাজ মোহন বৰুৱা ওৰফে মিঠু নামৰ যুৱকজনে ভৱকান্ত বৰাক গাড়ীৰে খুন্দিয়াই, গুলী মাৰি হত্যা কৰাৰ ভাবুকি দি মৃতদেহ ঢাকিবৰ বাবে প্ৰয়োজন হ'ব পৰা বগা চেলেং চাদৰো ভৱকান্ত বৰালৈ পঠিয়াই দিয়ে বুলিও অৱগত কৰে ৷ বিৰাজ মোহন বৰুৱা ওৰফে মিঠু নামৰ ঠিকাদাৰ গৰাকীৰ এনে কাৰ্যৰ পিচত জীৱনৰ নিৰাপত্তাহীনতাত পৰা বিদ্যুত কৰ্মচাৰী ভৱকান্ত বৰাই বিষয়তো সম্পৰ্কত বোকাখাত বিদ্যুৎ উপ সংমণ্ডলৰ উপ সংমণ্ডল অভিযন্তাক অৱগত কৰাৰ পিচত বোকাখাত বিদ্যুত উপ সংমণ্ডলৰ তৰফৰ পৰা বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাজিৰঙা ভ্ৰমনৰ বাবে পানবাৰী কৃষি পাম নিগম আৰু উল্লেখিত গাহৰি ফাৰ্মৰ সমীপতে হেলিপেড নিৰ্মান কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলাৰ সময়তে এই হেলিপেডৰ পৰাই বিদ্যুত কৰ্মচাৰীক মৃত্যুৰ ভাবুকি দিয়া কাৰ্যই সকলোকে আচৰিত কৰিছে ৷ হেলিপেডৰ পৰাই ফোন কৰা বুলি টেলিফোনত অৱগত কৰিছিল বিতৰ্কিত ঠিকাদাৰ জনে ৷ ঘটনাৰ সম্পৰ্তক ইতিমধ্যেই বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক অৱগত কৰাৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ হস্তক্ষেপ আৰু তদন্তৰ দাবী কৰিছে বোকাখাতৰ বিদ্যুত কৰ্মচাৰী সকলে ৷

****************