পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত স্থানীয় মহাবিদ্য়ালয়ৰ স্বেচ্ছাসেৱকৰ বিশেষ কৰ্মশালা :

পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত স্থানীয় মহাবিদ্য়ালয়ৰ স্বেচ্ছাসেৱকৰ বিশেষ কৰ্মশালা :

Aiidesh News  : 24 June 2023 :

বোকাখাত মহকুমাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ২৪ জুনত সাম্ভাৱ্য বানপানীৰ পটভুমিত স্থানীয় মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰী সকলক প্ৰাৰম্ভিকভাৱে সজাগ কৰাৰ বাবে এক কৰ্মশালা অনুষ্ঠিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগতে বোকাখাতৰ জে ডি এছ জি মহাবিদাযলয়ৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷ কৰ্মশালা উদ্বোধন কৰি দিয়া ভাষণত ৰমেশ কুমাৰ গগৈয়ে বানপানীৰ সময়ত উদ্ধাৰত বন্যপ্ৰাণী কৰায়ত্ব নকৰি বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰিব পৰাকৈ নিজৰ অঞ্চলৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় ৷

পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে অংশ গ্ৰহন কৰাৰ উপৰিও বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, পুৱ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, ডা৹ ওমকাৰ কুঞ্জদেকাৰ আৰু মেঘনা মুৰালী আয়াৰ উপস্থিত থাকে ৷ কৰ্মশালত ডি এফ অ' ৰমেশ কুমাৰ গগৈ,  মনজিত সোনোৱাল আৰু বিদ্যুত বিকাশ বৰাই ছাত্ৰ ছাত্ৰীৰ স্বেচ্ছাসেৱক দলটোৰ লগত মত বিনিময় কৰে ৷ সমল ব্যক্তি হিচাবে ডা৹ চামচুল আলীয়ে উদ্ধাৰৰ নামত বন্যপ্ৰাণী কৰায়ত্ব কৰা কাৰ্যই মানুহ আৰু বন্যপ্ৰাণী দুয়োকে বিপদ পেলাব পাৰে বুলি মন্তব্য কৰি কেপচাৰ মায়'পেথি আৰু কৰিব লগা কাৰ্যৰ বিষয়ে সচিত্ৰ উপস্থাপনেৰে বাখ্যা কৰে ৷

হ'ব পৰা বানপানীৰ সময় কাজিৰঙাৰ কাষৰীয় অঞ্চলত বন্যপ্ৰানী সুৰক্ষা আৰু জনসজাগতা সৃষ্টিৰ উপৰিও কাজিৰঙাৰ এনিমেল কৰিডৰ বোৰত যান বাহনৰ গতি নিয়ন্ত্ৰনৰ লগতে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বনকৰ্মীক এই সকল স্বেচ্ছাসেৱকে সহায় কৰিব বুলি জানিবলৈ দিয়ে বনাঞ্চলিক বিষয়া মনজিত সোনোৱালে ৷ আজিৰ কৰ্মশালত স্বেচ্ছাসেৱকৰ প্ৰথমটো গোটৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ অংশ গ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকল জে ডি এছ জি মহাবিদাযলয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু এন চি চি ৰ কেডাৰৰ আছিল ৷

***********