গিৰিমল্লিকা শইকীয়াইৰ নেতৃত্বত চৰাই বান্ধৱ নামৰ গোটৰ উদ্যোগত বনগাওঁৰ চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ত চৰাইৰ বাবে কৃত্ৰিম বাহ সংস্থাপন :

গিৰিমল্লিকা শইকীয়াইৰ নেতৃত্বত চৰাই বান্ধৱ নামৰ গোটৰ উদ্যোগত বনগাওঁৰ চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ত চৰাইৰ বাবে  কৃত্ৰিম বাহ সংস্থাপন :
Photo - Mahesh Agrawal.

Mahesh Agrawal : 8 February 2024 : 

গোলাঘাট জিলাৰ বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত  ছাত্ৰ-ছাত্ৰী সকলে চৰাইৰ বাবে পোৰামাটিৰে নির্মিত চৰাইৰ কৃত্ৰিম বাহ স্থাপন কৰে । বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠন কৰা "চৰাই বান্ধৱ" নামৰ গোটটোৰ সদস্য সকলে চৰাইৰ পৰ্যবেক্ষণ, চৰাইৰ সুৰক্ষা আৰু চৰাইৰ বাসস্থানৰ নিৰাপত্তা প্ৰদানৰ বাবে প্ৰচেষ্টা চলাই আহিছে । বর্তমান  ফ'ৰলেনযুক্ত পথ নিৰ্মানত বহু গছ কাটি পেলোৱা বাবে স্থানীয় বহু চৰাইৰ প্ৰজাতি বাসস্থানৰ সমস্যাত পৰিছে  ৷ বাসস্থানত হোৱা এই পৰিবৰ্তন আৰু বাসস্থানৰ সমস্যাত পৰা চৰাইবোৰ বাবে পৰিবেশ অনুকুল কৃত্ৰিম আশ্ৰয় ব্যৱস্থা কৰি পক্ষী সংৰক্ষণৰ দিশত "চৰাই বান্ধৱ" দলটোয়ে পদক্ষেপ গ্ৰহন কৰিছে ৷ 

গিৰিমল্লিকা শইকীয়াৰ নেতৃত্বত স্থানীয় মৃৎশিল্পীৰ  সহায়ত  পোৰামাটিৰে এই কৃত্ৰিম চৰাইৰ বাহ নির্মান কৰি বিদ্যালয়ৰ চৌহদত স্থাপন কৰি ছাত্ৰছাত্ৰী সকলক চৰাইৰ ৰক্ষণাবেক্ষন আৰু পর্যবেক্ষনৰ বাবে আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা । গিৰিমল্লিকা শইকীয়াৰ মতে আঁচনি  পৰীক্ষা মূলক ভাৱেহে আৰম্ভ কৰা হৈছে । কিয়নো প্ৰজাতি ভেদি চৰাইৰ আচৰণ খাদ্যাভাষ আৰু বাহ সঁজাৰ কৌশল আৰু পৰিবেশো পৃথক ৷ চৰাই বান্ধৱ নামৰ গোটতোৰ মতে চৰাই থাকিলেহে আমিও থাকিম । একেলগে আমিও থাকিম চৰাইও থাকিব । চৰাই বান্ধৱ নামৰ এই গোটত সম্প্ৰতি ৩০ জন সদস্য আছে ৷  সজাগতাৰ বাবে ফলপ্ৰসু হলেও অদুৰ ভৱিষ্যতে এনে কৃত্ৰিম বাহে স্থানীয় চৰাই আচৰণত কেনেধৰণৰ প্ৰভাৱ পেলাব সিও হব লক্ষণীয় ৷

********