বোকাখাতত মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক বিতৰন ড০ হিমন্ত বিশ্ব শৰ্মাৰ : মঞ্চৰ পৰাই চুইচ টিপি আভাসীয় ভাৱে ২২ টা অভিলাষী প্ৰকল্পৰ উদ্বোধনী :
Aiidesh News : 6 January - 2026 :
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বোকাখাত বিধানসভাৰ ২৭,১৬৬ গৰাকী মহিলা হিতাধিকাৰী সকলৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে । লগতে এই অনুষ্ঠানৰ মঞ্চৰ পৰাই বোকাখাত বিধানসভা সমষ্টিত লোক নির্মাণ (পথ), লোক নির্মাণ (গৃহ), জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মুঠ ৬৪৫৮৩.২৮ লাখ টকাৰ ব্যয়েৰে ৰূপায়ণ কৰিবলৈ লোৱা মুঠ ২২ টাকৈ উন্নয়ন মূলক প্রকল্পৰ চুইচ টিপি শুভ উদ্বোধন কৰে ড০ হিমন্তবিশ্ব শৰ্মাই । ইয়াৰ ভিতৰত বোকাখাত নগৰৰ মাজ মজিয়াত থকা ঐতিহ্য মণ্ডিত আৰু আটক ধুনীয়াকৈ নিৰ্মান কৰা লোক নিৰ্মান বিভাগৰ পৰিদৰ্শন ভৱনটো উদ্বোধন কৰে ।
কেবিনেট মন্ত্ৰী অতুল বৰাৰ আদৰণী ভাষনেৰে আৰম্ভ হোৱা বোকাখাতৰ আজিৰ অনুষ্ঠানত বিধায়ক অতুল বৰাৰ উপৰিও কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, কেবিনেট মন্ত্ৰী অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন, দেৰগাওঁ সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী,গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত , বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা , অসম গন পৰিষদ আৰু গনশক্তিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।
**************







