বোকাখাতত গ্ৰাছ আৰু শ্বেতা সংগীতা হেলথ কেয়াৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ : Bhabananda Kalita : Aiidesh News : 20 January 2024 :

Photo- Bhabananda Kalita.

Bhabananda Kalita :  Aiidesh News : 20 January 2024  : 

বোকাখাতৰ অন্যতম পৰিবেশ সংগঠন গ্ৰাছৰ উদ্যোগত তথা শ্বেতা সংগীতা হেলথ কেয়াৰৰ সহযোগত আজি কুৰুৱাবাহী সত্ৰৰ কুৰুৱাবাহী কৃষ্টি সংস্কৃতি কেন্দ্ৰত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । শিৱিৰত বিশিষ্ট চিকিৎসক ডাঃ অপূর্ব শৰ্মা আৰু তেখেতৰ স্বাস্থ্য কৰ্মী দলে চিকিৎসা সেৱা আৰু ঔষধ প্ৰদান কৰে ৷ কুৰুৱাবাহী সত্ৰৰ ডেকা সত্ৰীয়া বিদ্যানন্দ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা লগতে জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে ৷ সত্ৰৰ সুশীল দাসে আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল শৰ্মা আদিয়ে অংশগ্ৰহন কৰে । গ্ৰাছৰ সভাপতিয়ে মতে বোকাখাতৰ গ্ৰাম্যাঞ্চলত পৰৱৰ্তী সময়ত এনেদৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ অধিক কৰা হ’ব ।