বগা হাতীত পৰিণত ৰাজ্যৰ বিয়াগোম পশুপালন বিভাগ

 

এইখন মাজুলী দক্ষিণ পাট ৰাজ‍্যিক পশুচিকিৎসা কেন্দ্ৰ। কিন্তু দীৰ্ঘদিন ধৰি বিভাগীয় কৃতপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে এতিয়া এনেদৰেই জহি খহি হাবি জংঘলৰে আগুৰি ধৰিছে পশুচিকিৎসা কেন্দ্ৰটো। উল্লেখযোগ্য যে কৃষিজীৱী দক্ষিণ পাট অঞ্চলৰ প্ৰায়  ৪০ খন গাঁৱৰ ৰাইজৰ আশা ভৰসা একমাত্ৰ পশুচিকিৎসালয় এনেদৰে ভাগি যোৱা আৰু ঔষধ নথকাৰ ফলত   অঞ্চলটোৰ ৰাইজে ভোগিছে যমৰ যাতানা কাৰণ সাধাৰণ পশু পক্ষীৰ কিবা এটা হলেই পশুচিকিৎসক বিচাৰি যাব লাগে ব‍্যৱসায়ী অন‍্যতম স্থান কমলাবাৰীলৈ স্থানীয় ৰাইজে অচিৰেই পশুচিকিৎসা কেন্দ্ৰটো আন্ত:গাঠনি নিৰ্মাণ কৰি চিকিৎসক নিযুক্তি দিবলৈ দাবী জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক | খোদ যদি ৰাজ্যৰ মুখ্যমন্ত্ৰী সমষ্টিৰ মাজুলীতে  যদি এই বিয়াগোম বিভাগটোৰ এনে দখা হয় ,বাকী ৰাজ্যৰ অন্য প্ৰান্তত কেনেদৰে চলিছে পশুপালন বিভাগ সেয়ে সহজেই অনুমেয়। মন্ত্ৰী মহোদয় আমি আমাৰ দায়িত্ব পালন কৰি আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ। এতিয়া বিভাগীয় মন্ত্ৰী হিচাপে আপুনি কেনেদৰে গুৰুত্ব দিয়ে সেয়া হব লক্ষ্যণীয়।