বোকাখাতত থকা কাজিৰঙাৰ মুখ্যালয়ত আন্তৰাষ্ট্ৰীয় শগুনৰ সজাগতা দিৱস উদযাপন

Aiidesh News : 7 September - 2025  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত ৬ ছেপ্তেম্বৰত নেচাৰেল হিষ্ট্ৰী চ’চাইটিৰ সহযোগত বোকাখাতত থকা কাজিৰঙাৰ মুখ্য কাৰ্যালয়ৰ অধ্যয়ন কেন্দ্ৰত আন্ত:ৰাষ্ট্ৰীয় শগুন সংৰক্ষন সজাগতা দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ সজাগতা সভা আদৰণি ভাষণেৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে অনুষ্ঠান আৰম্ভ কৰে ৷ অনুষ্ঠানত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু চি এন বি মহাবিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক জয়ন্ত দাস, বিভাগীয় পশু চিকিৎসক ডা৹ সৌৰভ বুঢ়াগোঁহাই, চি এন বি মহাবিদ্যালয়ৰ প্ৰৱক্তা ববিতা বৰুৱা, বিশ্বনাথ চাৰিআলিত থকা শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ বিশেষজ্ঞ গীতাৰ্থ বৰা, বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ পশুচিকিৎসক ডা৹ মোহিত নাউল আৰু ডা৹ জুৱেলৰ উপৰিও পৰিবেশ কৰ্মী তথা বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া উপস্থিত থাকে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় জীৱ বিজ্ঞানী হীনা ব্ৰহ্মই আঁত ধৰা এই অনুষ্ঠানত সমল ব্যক্তি হিচাবে গীতাৰ্থ বৰাই সচিত্ৰ উপস্থানেৰে সাম্প্ৰতিক বিশ্বত শগুন স্থিতি, জনসংখ্যা বিতৰণ, সমস্যা, ভাবুকি আৰু সংৰক্ষণ প্ৰচেষ্টাৰ সবিশষে তথ্য সহকাৰে ছাত্ৰ ছাত্ৰীৰ আগত বাখ্যা কৰে ৷ পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰী সকলেও শগুন সংৰক্ষণৰ সম্পৰ্কত সমল ব্যক্তিৰে মত বিনিময়ো কৰে ৷ শেষত সহকাৰী বন সংৰক্ষক জয়ন্ত দাসে অনুষ্ঠানত অংশ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

***********