বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ উদ্যোগত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিশেষ অনুষ্ঠান ⦂

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ উদ্যোগত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিশেষ অনুষ্ঠান  ⦂
Aiidesh Photo

Aiidesh News  ⦂ 29 March - 2025 ⦂

উঠি অহা প্ৰজ্বন্ময়ে হ'ল বন, প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষনৰ প্ৰধান অংশীদাৰ ৷ পদ্ধতিগত আৰু বিজ্ঞান মনস্তত্বৰে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাৰে পাঠ্যক্ৰম অনুসৰী ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ উদেশ্যেই বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ে ২৮ মাৰ্চত এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে ৷ জি ডি এছ জি মহাবিদ্যালয়ে আয়োজন কৰা মানুহ আৰু বন্যপ্ৰাণী সংঘাত শীৰ্ষক এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সৈতে উল্লেখিত বিষয়ত মতবিনিময় কৰিবৰ বাবে মহাবিদ্যালয় খনে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক তথা বিশিষ্ট পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু ডেৰাডুনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ গৱেষক মনিষা আশ্ৰফক আমন্ত্ৰন জনায় ৷ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈৰ আদৰণী ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিপালী ৰাজকুমাৰী, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ ড৹ জয়ন্ত গগৈ, কাজিৰঙা অধ্যন কেন্দ্ৰৰ প্ৰবক্তা শশাংক ধৱল শইকীয়া, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰবক্তা প্ৰশান্ত শইকীয়াৰ উপৰিও প্ৰৱক্তা পৰশজ্যোতি নেওঁগৰ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰী আৰু অনান্য প্ৰবক্তা  সকলে অংশগ্ৰহন কৰে ৷ অনুষ্ঠানত উত্তম শইকীয়াই ৰাজ্যৰ বিভিন্ন অঞ্চলৰ উদাহৰণে মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ পৰিস্থিতি আৰু নিৱাৰণৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ একেদৰে মনিষা আশ্ৰফে মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ পটভুমিত স্থানীয় লোকৰ ভুমিকা, পৰম্পৰা আৰু সংস্কৃতিৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰে মত বিনিময় কৰে ৷ অনুষ্ঠানত দুয়ো গৰাকী সমল ব্যক্তিকে মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনাও জনোৱা হয় ৷

ইফালে ২৮ মাৰ্চৰ বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীৰ এনিমেল কৰিডৰত খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰে সৈতে এক সজাগতামুলক অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰবক্তা পৰেশ কলিতাৰ আৰু প্ৰৱক্তা ধ্ৰুৱ শইকীয়াৰ নেতৃত্বত অহা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে পৰিৱেশকৰ্মী উত্তম শইকীয়া আৰু বোকাখাত বনাঞ্চলৰ মহিলা বনকৰ্মী সকলেও মত বিনিময় কৰে ৷ অনুষ্ঠানত উত্তম শইকীয়াই কাজিৰঙাৰ এনিমেল কৰিডৰ সমুহৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ উপৰিও বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ কৰণীয় কাৰ্যৰ বিষয়ে সমল ব্যক্তি উত্তম শইকীয়াই বাখ্যা কৰে ৷ জয়া গগৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা উত্তম শইকীয়াক অনুষ্ঠানতে সম্বৰ্ধনাও জনোৱা হয় ৷

**********