কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ : মিহিমুখত উদ্বোধনী অনুষ্ঠান :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ  :  মিহিমুখত উদ্বোধনী অনুষ্ঠান  :
Aiidesh photo

Aiidesh News  :  2nd October  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজিৰে উদযাপিত কৰা হৈছে বন্যপ্ৰাণী সপ্তাহৰ সপ্তাহজোৰা কাৰ্যসুচী ৷ আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত এই বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ উদ্বোধনী অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, সমাজ সেৱক তথা কাজিৰঙাৰ বিশিষ্ট নাগৰিক দেৱ প্ৰদীপ বৰা, জেষ্ঠ সাংবাদিক স্বপন নাথ,অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, জীপ চাফাৰী সন্থা সভাপতি তুলশী বৰদলৈ, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সহকাৰী বনসংৰক্ষক নয়নজ্যোতি ৰাজবংশী আৰু চিৰঞ্জীৱ জৈনৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ সমুহ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷ মিহিমুখত বন্তি প্ৰজ্বলন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰে ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷

আজি গান্ধী জয়ন্তী উপলক্ষে উদ্বোধনী অনুষ্ঠানৰ লগতে মহত্মা গান্ধীৰ প্ৰতিছবিত পুস্পাঞ্জলি অৰ্পণ কৰে সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু দেৱপ্ৰদীপ বৰাই ৷ বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনী অনুষ্ঠানতে যোৱা ২৯ ছেপ্টেম্বৰৰ দিনা পথাৰত পোৱা গঁড়়ৰ খড়্গ বন বিভাগৰ হাতত অৰ্পণ কৰি মহানতাৰ পৰিচয় দিয়া কঁহৰাৰ ম'হপৰাৰ বগা পাত্ৰ আৰু বিলপ পাত্ৰ নামৰ লোক দুজনক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে ২৫ হেজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷

উল্লেখ্য যে আজিৰে পৰা কাজিৰঙাত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ দ্বিতীয় দিনা মিহিমুখত হস্তী দিৱসৰ বিশেষ কাৰ্যসুচীৰ উপৰিও ৭ অক্টোবৰত কাৰ্বি আংলং জিলাৰ ডলামৰাত বন্যপ্ৰাণী সপ্তাহৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ সামৰণী অনুষ্ঠানতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি আয়োজিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব ৷ 

*******