উত্তৰ প্ৰদেশৰ দধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত দুটাকৈ এশিঙীয়া গঁড়ক বনাঞ্চলত সংস্থাপন ⦂

উত্তৰ প্ৰদেশৰ দধৱা ব্যাঘ্ৰ  সংৰক্ষিত বনাঞ্চলত দুটাকৈ এশিঙীয়া গঁড়ক বনাঞ্চলত সংস্থাপন ⦂
WWF - India
উত্তৰ প্ৰদেশৰ দধৱা ব্যাঘ্ৰ  সংৰক্ষিত বনাঞ্চলত দুটাকৈ এশিঙীয়া গঁড়ক বনাঞ্চলত সংস্থাপন ⦂
উত্তৰ প্ৰদেশৰ দধৱা ব্যাঘ্ৰ  সংৰক্ষিত বনাঞ্চলত দুটাকৈ এশিঙীয়া গঁড়ক বনাঞ্চলত সংস্থাপন ⦂

Aiidesh News ⦂ 30 November - 2024 ⦂

বন্যপ্ৰাণী  সংৰক্ষিত ইতিহাস সৃষ্টি কৰি উত্তৰ প্ৰদেশৰ বন বিভাগে যোৱা ২৮ আৰু ২৯ নৱেম্বৰত দধৱা বাঘ সংৰক্ষিত বনাঞ্চলত দুটাকৈ এশিঙীয়া গঁড়ক বনাঞ্চলত সংস্থাপন কৰে ৷ এই অভিযানত দুধৱা বাঘ সংৰক্ষিত বনাঞ্চলৰ বন কৰ্তৃপক্ষক বিশ্ব প্ৰকৃতি নিধি বা ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ বিশেষজ্ঞৰ দলে বিশেষভাৱে সহায় কৰে ৷ বোমাৰ ভিতৰত দীৰ্ঘ দিন প্ৰতিপালিত এটা মতা আৰু এজনী মাইকী গঁড়ক চেতনা নাশক প্ৰয়োগ কৰি বোমাৰ পৰা নি বনাঞ্চলত মুকলি কৰি দিয়া হয় । সুদীৰ্ঘ দিন কৃত্ৰিমভাৱে নিৰ্মিত ২৭ বৰ্গ কিলোমিটাৰ বোমাৰ ভিতৰত আৱদ্ধ কৰি ৰখা ১২-১৫ বছৰ বয়সৰ এই গঁড় দুটাক সম্প্ৰতি বনাঞ্চলত মুকলি কৰি দি নিৰীক্ষণ কৰি থকা হৈছে ৷৷ উল্লেখ্য যে ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে এই গঁড় দুটাক দধৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল ৷ বনাঞ্চল খনত গঁড়ৰ জনসংখ্যা পুনৰ সংস্থাপিত কৰাৰ এক অভিলাষী আঁচনিৰে দধৱালৈ নিয়া গঁড় দুটাক অৱশেষত বনাঞ্চলত মুকলিকৈ এৰি দিয়া কাৰ্য সফলতাৰে ৰূপায়ণ কৰা হয় ৷ 

অভিযানৰ শেষত দধৱা বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ললিত কে বাৰ্মাই জনোৱা মতে, মুক্তভাৱে চলা গঁড়কেইটা প্ৰত্যক্ষ কৰাৰ পিছত দধৱা বাঘ সংৰক্ষিত বনাঞ্চলত বিশেষজ্ঞৰ এটা দলে নিৰীক্ষণ কৰাৰ লগতে পশুচিকিৎসকৰ দলে স্বাস্থ্যও নিৰীক্ষন কৰে যাতে নতুন পৰিৱেশৰ লগত গঁড় দুটাই সহজ হ’ব পাৰে । এই অভিযানৰ পিচত দধৱাত ব্যাঘ্ৰ সংৰত বনাঞ্চলত আৰু বন্যপ্ৰাণী পুনৰ সংস্থাপনৰ বাবে আগ্ৰহী বুলিও বিষয়া গৰাকীয়ে লগতে কয় ৷ সম্প্ৰতিৰেডিঅ’ কলাৰ ব্যৱহাৰ কৰি গঁড় দুটাক নিৰীক্ষণ কৰি গঁড় দুটাৰ আচৰণ  আৰু গতিবিধি অধ্যয়ন কৰিছে বিশেষজ্ঞৰ দলে ৷ ইয়াৰ বাবে বিশেষজ্ঞৰ এটা দল গঠন কৰা হৈছে । দুধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে অনাগত দিনত আৰু অধিক গঁড় মুকলি কৰাৰ পৰিকল্পনা কৰিছে । 

***********