মুখ্যমন্ত্ৰীক মিচিং গামোছাৰে আদৰণি জনায় পদ হেৰুৱালে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে : দলীয় সিধান্তৰ বিৰুদ্ধে বোকাখাতত দাদু টায়ৰ সংবাদ মেল :

Aiidesh News :  16 February 2024 :

কংগ্ৰেছ দল কাৰো পৈতিক সম্পতি নহয় । কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত অন্নশনত বঢ়িম । ন্যায় নোপোৱালৈকে যুঁজি যাম । অচিৰেই কংগ্ৰেছৰ বহু শীৰ্ষ স্থানীয় নেতাৰ মুখা খুলি আছো । মুখ্যমন্ত্ৰীক গামোছা পিন্ধোৱা অপৰাধত কংগ্ৰেছ দলৰ পৰা অপসাৰিত হোৱা গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে আজি বোকাখাতত এক সংবাদ মেল আয়োজন কৰি এই দৰে মন্তব্য কৰে ৷ 

কংগ্ৰছ দলৰ গোলাঘাট জিলাৰ সভাপতি দাদু টায়ে সৰুপথাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লগ কৰি এখন মিচিং জনগোষ্ঠীৰ গামোছাৰে আদৰণি জনাইছিল ৷ ইয়াৰ বাবেই অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে এক পত্ৰ জড়িয়তে দাদু টায়ক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰি জিলাখনৰ খুমটাই সমষ্টিৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী গোলাপ শইকীয়াক জিলা সভাপতিৰ দায়ীত্ব অৰ্পণ কৰিছে ৷ লগতে কিয় তেওঁক দলৰ পৰা বহিস্কাৰ কৰা নহব সেই সম্পৰ্কত ৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱৰ জাননী প্ৰেৰণ কৰিছে জিলা সভাপতি দাদু টায় লৈ । 

অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ এনে কাৰ্যৰ প্ৰতিবাদ জনাই সদ্য অপসাৰিত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে আজি বোকাখাতত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰব গগৈ, ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰে ৷  মিচিং জনগোষ্ঠীৰ এজন যুৱক হৈ অসমৰ মুখ্যমন্ত্ৰীক এখন মিচিং গামোছা পিন্ধোৱাতো যদি অপৰাধ তেনে অপৰাধ মই হেজাৰ বাৰ কৰিম ৷ ৰ'জলীনা তিৰ্কি বা ৰাতি ৰাতি মুখ্যমন্ত্ৰীক লগ কৰা সকলৰ বিৰুদ্ধে সাহস আছে যদি ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে আহ্বান জনায় দাদু টায়ে ৷ কাজিৰঙা সমষ্টি এৰি কিয় পলায়ন কৰিছে বুলি সাংসদ গৌৰৱ গগৈক প্ৰশ্ন কৰে দাদু টায়ে ৷ গৌৰৱ গগৈৰ দেহত আৰু আহোমৰ তেজ প্ৰবাহিত হৈ থকা নাই ৷ তেওঁ এতিয়া ৰকিবুল হুছেইনৰ ওচৰতহে শৰনাপন্ন বুলি মন্তব্য কৰে দাদু টায়ে ৷

**********