বোকাখাত সম জিলাৰ প্ৰশাসনৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহৰ বিশেষ কাৰ্যসুচী ⦂ ৪ গৰাকী ব্যক্তিক মৰোনোত্তৰ ভাৱে আৰু দুগৰাকী ব্যক্তিক অনুষ্ঠানতে সম্বৰ্ধনা ⦂
BHASA DIWASH#Bokakhat
Aiidesh News ⦂ 7 November 2024 ⦂
ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে অসম চৰকাৰে সমগ্র ৰাজ্যখনত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপনেৰ বাবে জনোৱা আহ্বানৰ পটভুমিত আজি বোকাখাত সম জিলাতো "ভাষা গৌৰৱ সপ্তাহ"ৰ বিশেষ অনুষ্ঠান আয়োজন কৰে ৷ বোকাখাতৰ নাট্যমন্দিৰত আয়োজিত এই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধানসভাৰ বিধায়ক অতুল বৰা, সমজিলা আয়ুক্ত শিৱানী জাৰ্নগেল, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা ৰ উপৰিও বোকাখাতৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আকু স্থানীয় লোক উপস্থিত থাকে ৷ অনুষ্ঠানতে মন্ত্ৰী অতুল বৰাই অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱা বোকাখাতৰ চাৰি গৰাকী বৰেণ্য বক্তি ক্ৰমে চিদানন্দ শইকীয়া, গোলাপ খাউণ্ড, ভৱেশ শইকীয়া আৰু মহেন্দ্ৰ নাথ হাজৰিকাক মৰোনোত্তৰ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে কমাৰগাওঁৰ চুৰেণ বড়ি আৰু বোকাখাতৰ ড৹ বিভা বৰাক অনুষ্ঠানতে সম্বৰ্ধনা জনায় ৷
আজিৰ এই অনুষ্ঠানতে সমল ব্যক্তি হিচাবে উপস্থিত থাকি অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ৰুবী বৰাই অসমীয়া ভাষা আৰু ইয়াৰ বিৱৰ্তনৰ ওপৰত তথ্য সম্বলিত ভাষণ প্ৰদান কৰে ৷ ড৹ ৰুবী বৰাৰ ভাষণৰ পিচতেই মুখ্য অতিথি হিচাবে উপস্থিত থকা কেবিনেট মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰদান কৰি সম্প্ৰতিক সময়ত ডিজিটেল মাধ্যমেৰে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিলেহে পৰৱৰ্তী সময়ত অসমীয়া ভাষাই আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি পাব বুলি মন্তব্য কৰে ৷ ভাষা গৌৰৱ সপ্তাহৰ এই কাৰ্যসূচীতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰদানৰ ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
*********