স্থানীয় লোকৰ আপত্তিৰ পিচতো বোকাখাতত মদৰ দোকান মুকলি ⦂ নীতিবৰ্হিভূত ভাৱে পৌৰ প্ৰশাসন আৰু আৱকাৰী বিভাগৰ অনুমতি ⦂

স্থানীয় লোকৰ আপত্তিৰ পিচতো বোকাখাতত মদৰ দোকান মুকলি ⦂ নীতিবৰ্হিভূত ভাৱে পৌৰ প্ৰশাসন আৰু আৱকাৰী বিভাগৰ অনুমতি ⦂
Aiidesh Photos

Aiidesh News ⦂ 7 November - 2024 ⦂

বোকাখাতৰ শিক্ষাজগতৰ বাটকটীয়া জয়চন্দ্ৰ শইকীয়া, আধুনিক বোকাখাতৰ গঢ় দিওতা জনসুহৃদ চিদানন্দ শইকীয়া, জনতাৰ প্ৰহৰী প্ৰয়াত সাংবাদিক শিক্ষাবিদ ভৱেশ শইকীয়া বা প্ৰেৰণাময়ী অন্নদা শইকীয়া, প্ৰয়াত মানিক শইকীয়া, অধিবক্তা প্ৰয়াত তিলেশ্বৰ দত্তৰ স্মৃতি জড়িত বোকাখাতৰ বিষ্ণুপুৰৰ প্ৰৱেশদ্বাৰ আৰু জয়চন্দ্ৰ শইকীয়া পথতে ৰাইজৰ বিৰুদ্ধিতাৰ পিচতো বোকাখাতৰ পৌৰপ্ৰশাসনে এখন মদৰ দোকান খুলিবৰ বাবে অনুমতি দিয়া কাৰ্যই সমগ্ৰ বোকাখাতৰ ঐতিহ্যতে কালিমা সানিছে ৷ বিষ্ণুপুৰৰ এই পথ জয়চন্দ্ৰ শইকীয়াৰ নামত চিহ্নিত কৰিবৰ বাবে প্ৰয়াত চিদানন্দ শইকীয়াৰ নেতৃত্ব স্থানীয়লোকে আগভাগ লৈছিল ৷ ঐতিহ্য আৰু ইতিহাসক সন্মান দিয়াৰ চেষ্টা কৰিছিল ৷

সেয়েহে বোকাখাত নগৰৰ ৩ নং বাৰ্ডৰ বিষ্ণুপুৰৰ প্ৰৱেশ পথত মদৰ দোকান স্থাপনৰ অনুমতি নিদিবৰ বাবে প্ৰশাসনক স্থানীয় লোকে ২০২৩ আৰু চলিত বৰ্ষত একাধিক বাৰ লিখিত অনুৰোধ জনাইছিল ৷ আৱকাৰী বিভাগৰ চৰজমিন তদন্তৰ সময়তো স্থানীয় লোকে এই মদৰ দোকানৰ প্ৰতিবাদ কৰিছিল ৷ ইয়াৰ পাচতো বোকাখাতৰ গৌৰৱ উমা ছেত্ৰীৰ প্ৰতিভাক ঠিকাদাৰী দুজনমান  স্বয়ম্ভব জনসেৱকৰ পৃষ্ঠপোষকতাতেই বোকাখাতৰ এই ঐতিহ্যমণ্ডিত এলেকাত এম এ টু ৰেষ্টুৰেন্ট কাম বাৰ নামৰ মদৰ দোকান খোলা হৈছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷ এই ক্ষেত্ৰত বোকাখাতৰ পৌৰপতিতো বাদেই পৌৰসভাৰ কাৰ্যবাহী বিষয়া অংকুৰ দত্ত আৰু বোকাখাত পৌৰসভাৰ তিনি নম্বৰ ৱাৰ্ডৰ সদস্য ৰাজীৱ দাসেও এই ক্ষেত্ৰত অসহায়তাহে প্ৰকাশ কৰিছে ৷ 

কেইটামান টকাৰ লোভত উল্লেখিত স্বয়ম্ভূ জনসেৱকে উল্লেখিত স্থানত মদৰ দোকানৰ পৃষ্ঠপোষকতা কৰাতো অতি  লজ্জাজনক বুলি মন্তব্য কৰিছে স্থানীয় লোকে ৷ যি সময়ত বোকাখাতৰ সাংবাদিক সকলে পথৰ কাষত থকা সুধাকন্ঠ ড৹ ভুপেন হাজৰিকাৰ প্ৰতিমুৰ্তিক সন্মান জনায় শ্ৰমদানেৰে প্ৰতিমুৰ্তিৰ স্থান পৰিস্কাৰ কৰি বোকাখাতৰ ঐতিহ্যক ৰক্ষাৰ বাবে বোকাখাতবাসীক আহ্বান জনাইছে সেই সময়তে এই স্বয়ম্ভু জনসেৱকে দুটা টকাৰ বিনিময়ত বোকাখাতৰ ঐতিহাসিক স্থানৰ পথৰ কাষত মদৰ দোকানৰ পৃষ্ঠপোষকতা কৰি বোকাখাতৰ ঐতিহ্যক কালিমা সানিছে ৷ স্থানীয় লোকৰ মতে মদৰ দোকানীৰ হাতত দুটকাত বিক্ৰী কৰিছে বোকাখাতৰ ঐতিহ্যক ৷ এনে পটভুমিত বোকাখাতৰ আধুনিক শিক্ষাৰ বাটকটীয়া জয়চন্দ্ৰ শইকীয়া পথ আৰু বিষ্ণুপুৰৰ প্ৰৱেশ পথৰ পৰা উক্ত এম এ টু ৰেষ্টুৰেন্ট কাম বাৰ নামৰ মদৰ দোকান খন অপসাৰিত কৰিবৰ বাবে পুনৰ পৌৰপ্ৰশাসন আৰু জিলা প্ৰশাসনৰ উপৰিও স্থানীয় লোকে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈও পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছে ৷ এই ক্ষেত্ৰত আৱকাৰী বিভাগৰ ভুমিকাৰ ক্ষেত্ৰতো উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীক আবেদন জনাইছে ৷ দোকানখনৰ অনুজ্ঞাপত্ৰ আদিৰ সৱিশেষ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰৰ সহায়ো লৈ স্থানীয় লোকে ৷

ইফালে আজি ভাষা গৌৰৱ সপ্তাহৰ বিশেষ কাৰ্যসুচীৰ দিনা বোকাখাতৰ বৰেণ্য ব্যক্তি সকলক বোকাখাত সম জিলাৰ প্ৰশাসনে বিশেষ সন্মান জনোৱাৰ সময়ত মদৰ দোকানীয়ে বোকাখাতৰ উচ্চ শিক্ষাৰ বাটকটীয়া জয়চন্দ্ৰ শইকীয়া পথতে ৰাইজৰ আপত্তিৰ পিচতো এম এ টু ৰেষ্টুৰেন্ট কাম বাৰ নামৰ মদৰ দোকান মুকলি কৰা কাৰ্য প্ৰতিহত কৰি জয়চন্দ্ৰ শইকীয়াৰ দৰে বৰেণ্য ব্যক্তিক প্ৰকৃত সন্মান জনোৱাতো বোকাখাতৰ প্ৰশাসনৰ বাবে তাৎক্ষনিক দায়ীত্ব আছিল ৷ ৰাজহ সংগ্ৰহৰ নামত ঐতিহ্যক বিক্ৰী কৰাৰ এই পৰম্পৰা প্ৰতিহত নহলে জয়চন্দ্ৰ শইকীয়া পথৰ নাম মদৰ দোকান এম এ টু ৰেষ্টুৰেন্ট কাম বাৰৰ নামত হ'বলৈ সময় নালাগিব ৷ নতুন প্ৰজন্মক ঐতিহ্য ৰক্ষাৰ বিপৰীতে অসামাজিক কামৰ প্ৰতিহে উদগনি যোগোৱা হ'ব ৷ 

***********