গোৱালপাৰাত অনুষ্ঠিত আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত জিলা মহিলা ক্ৰিকেট দল চেম্পিয়ন :

গোৱালপাৰাত অনুষ্ঠিত আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত জিলা মহিলা ক্ৰিকেট দল চেম্পিয়ন  :

গোৱালপাৰাত অনুষ্ঠিত আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত জিলা মহিলা ক্ৰিকেট দল চেম্পিয়ন  :

Aiidesh News : 26 April 2023  : 

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰথম বাৰৰ বাবে গোৱালপাৰাৰ ডি এন সিনহা খেল পথাৰত অনুষ্ঠিত হোৱা সদৌ অসম কনকলতা বৰুৱা সোঁৱৰণী আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খেলত বোকাখাত জিলা মহিলা ক্ৰিকেট দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আজি অনুষ্ঠিত ফাইনেল খেলত বোকাখাত দলে ডিব্ৰুগড় দলক ৯ উইকেটত পৰাস্ত কৰে ৷ 

৩০ অভাৰৰ খেলখনত ডিব্ৰুগড় জিলা মহিলা ক্ৰিকেট দলে প্ৰথমে বেট ধৰি ২২.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৪৬ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ বিপৰীতে বোকাখাত জিলা মহিলা ক্ৰিকেট দলে ১২.১ অভাৰত অৱন্তিকা মুণ্ডাৰ উইকেটো হেৰুৱাই ৪৭ ৰাণ সংগ্ৰহ কৰি ৯ উইকেটত চূড়ান্ত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বোকাখাত জিলা মহিলা ক্ৰিকেট দলৰ দলপতি আছিল অনামিকা বৰি, প্ৰশিক্ষক আছিল ৰাজা ৰহমান আৰু পৰিচালক আছিল মুন বৰুৱা ৷ দলটোৰ এই সাফল্যত বোকাখাতৰ জনসাধাৰণ উৎফুল্লিত হোৱাৰ লগতে বোকাখাত জিলা ক্ৰীড়া সন্থা, বোকাখাত প্ৰেছ ক্লাব, কাজিৰঙা নিউজ নেটৱৰ্ক আদি বিভিন্ন সংগঠনে বোকাখাত জিলা ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰে ৷

********