বোকাখাতত সদৌ অসম বিহু সুৰক্ষা সমিতিৰ বোকাখাত আঞ্চলিক সমিতি গঠন : অনলাইন বিয়ানাম প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ সম্পন্ন :

বোকাখাতত সদৌ অসম বিহু সুৰক্ষা সমিতিৰ বোকাখাত আঞ্চলিক সমিতি গঠন  :  অনলাইন বিয়ানাম প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ সম্পন্ন :
Aiidesh News

Aiidesh News :  8  December  :

সদৌ অসম বিহু সুৰক্ষা সমিতিৰ অধীনৰ বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ সোমবাৰে বোকাখাত মইনা পাৰিজাত ভৱনত এখন সভা অনুস্থিত হৈ যায় ৷ বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি ধনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুস্থিত সভাত বোকাখাত আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷  নতুনকৈ গঠন হোৱা বোকাখাত আঞ্চলিক সমিতিৰ সভাপতি  অনন্ত হাজৰিকা, উপ-সভাপতি স্বৱন দৰবধৰা, সম্পাদক দ্বীপজ্যোতি ঠাকুৰীয়া, সহ;সম্পা  তপন বৰা আৰু গোপাল দত্ত, প্ৰচাৰ সম্পাদক কৰুণা বৰা আৰু ৰঞ্জিত কলিতাক সভাই দায়িত্ব অৰ্পন কৰে ৷

ইয়াৰ উপৰিও বোকাখাত আঞ্চলিক মহিলা মঞ্চখনো  গঠন কৰাৰ সিদ্ধান্তৰে মুখ্য আহ্বায়িকা হিচাবে ৰিজু হাজৰিকা আৰু সুমিত্ৰা ভড়ালী দায়িত্ব প্ৰদান কৰে সভাই । সভাতেই  বোকাখাত জিলা বিহু সুৰক্ষা সমিতি আৰু বোকাখাত মহিলা মঞ্চৰ উদ্যোগত অনলাইৰ জৰিয়তে অনুষ্ঠিত কৰা বিয়ানাম প্ৰতিযোগিতাৰ বটাঁ সমূহো বিতৰন কৰে ৷ সভাত অন লাইন বিয়ানাম প্ৰতিযোগিতাৰ পুৰস্কাৰ সমুহ বিতৰণ কৰা হয়। বিয়ানাম প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে কৰৈঅতি গাঁৱ প্ৰভা হাজৰিকাৰ দলে, দ্বিতীয় স্থান কোৰোকানি বোকাখাতৰ ৰূপা বৰাৰ দলে আৰু তৃতীয় স্থান জ্যোতিপুৰৰ ছ্যু -কা-ফা নগৰ মহিলা দলে ৷ উদগনি বটাঁ লাভ কৰিছে লখৌজান মহিলা দল, ৰজাবাৰী মহিলা দল আৰু ডিফলু পৰীয়া মহিলা দলে ৷

সভাত গোলাঘাট জিলাৰ উপ-সভাপতি তিতাৰাম দাস বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক মনো বৰা, সহ:সম্পাদক প্ৰদীপ হাজৰিকা, বোকাখাত জিলা বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ মুখ্য আহ্বায়িকা দ্বয় ডালিমী সন্দিকৈ গগৈ আৰু উষাজোন ফুকন উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সভাতেই অহা সপ্তাহৰ ভিতৰতে  দুয়োখন সমিতিৰ সভা অনুস্থিত কৰি সমিতি দুখনৰ পুৰ্ণাঙ্গ ৰূপ দিয়াৰ সিদ্ধান্ত লোৱা হয়।

********