বোকাখাতৰ গ্ৰাছ নামৰ সংগঠনৰ পঞ্চম বাৰ্ষিক "গ্ৰাছ এৱাৰ্ড "প্ৰদান :

বোকাখাতৰ গ্ৰাছ নামৰ সংগঠনৰ পঞ্চম বাৰ্ষিক
Aiidesh photo

বোকাখাতৰ গ্ৰাছ নামৰ সংগঠনৰ পঞ্চম বাৰ্ষিক "গ্ৰাছ এৱাৰ্ড "প্ৰদান :


Aiidesh News : 29 November  :


বোকাখাতৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান দেওবাৰৰ দিনা পুৱতি সাহিত্য সভা ভৱনত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্বত অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভনীতে যিসকল ব্যক্তিৰ স্মৰণত গ্ৰাছ  এৱাৰ্ড আগ বঢ়োৱা হৈছে সেই সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই । বৰগীত পৰিৱেশন কৰে প্ৰান্তিক বৰাই ।

অনুষ্ঠানত নিজৰা বৰঠাকুৰ, মনোৰঞ্জন সেন, ভৱানন্দ কলিতা, অপূৰ্ব বৰদলৈ,আনিচুৰ ৰহমান,বিজয় শৰ্মা , ফণীধৰ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগ বঢ়াই । সাংবাদিক প্ৰদ্যুৎ মহন্তই আঁত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰাছৰ সচিব ইন্দ্ৰেশ্বৰ বৰাই । অনুষ্ঠানতে গ্ৰাছ নামৰ সংগঠনটোৰ মুখপত্ৰ "শ্যামলিমা" উন্মোচন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে ।


অনুষ্ঠানত থানেশ্বৰ ভূঞা স্মাৰক গ্ৰাছৰ নিৰ্মল সেউজ বঁটা লাভ কৰে ৰৌদুৱাৰ পথাৰ প্ৰাথমিক বিদ্যালয়ে । বিদ্যালয়ৰহৈ বঁটা গ্ৰহণ কৰে প্ৰধান শিক্ষক অপূৰ্ব হাজৰিকাই । বিশিষ্ট বিজ্ঞানী ড°পদ্মেশ্বৰ গগৈক ধনীল বৰঠাকুৰ সোঁৱৰণী গ্ৰীন  এৱাৰ্ড প্ৰদান কৰা হয় । নুমলী হাজৰিকা স্মাৰক গ্ৰাছ ওমেন এৱাৰ্ড প্ৰদান কৰা হয় গোলাঘাটৰ ৰাখী দত্ত শইকীয়াক ৷ কমলেশ্বৰ বৰা স্মাৰক ফাৰ্মাৰ এৱাৰ্ড প্ৰদান কৰা হয় ললিত দত্তক । গাম্ভীৰ্যপুৰ্ণ এই অনুষ্ঠানত গ্ৰাছৰ অধ্যক্ষ অংকুৰ বৰঠাকুৰকে ধৰি সকলো সদস্য  উপস্থিত থাকে ।

********