বোকাখাতৰ ডিফলু পথাৰত নাহৰফুটুকীৰ আক্ৰমনত কিশোৰ আৰু বনকৰ্মী আহত :

বোকাখাতৰ ডিফলু পথাৰত নাহৰফুটুকীৰ আক্ৰমনত কিশোৰ আৰু বনকৰ্মী আহত  :
Aiidesh Photo

Aiidesh News  :  11 March  :

বোকাখাতৰ ডিফলু পথাৰত গাওঁত নাহৰফুটুকী বাঘৰ আক্ৰমনত এজন কিশোৰ আৰু এজন বনকৰ্মী আহত হয় ৷ ডিফলু পথাৰৰ ধ্বজা চাৰিআলিৰ সমীপৰ এখন পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা  দিগন্ত মাঝি নামৰ কিশোৰ জনে সমনীয়াৰ সৈতে পথাৰৰ কাষতে থকা এজোপা বাঁহনিত কুকুৰে ভুকি থকাৰ বাবে চাবলৈ যাওঁতে নাহৰফুটুকী বাঘে আক্ৰমন কৰি আহত কৰে ৷ বাঘে কিশোৰজনৰ মুৰত আঁচুৰি জখম কৰে ৷ ইফালে নাহৰফুটুকী ওলোৱাৰ খবৰ পাই অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা ঘটনাস্থলীলৈ যোৱা মইনা লাহন নামৰ বনকৰ্মী জনকো নাহৰফুটুকী বাঘটোয়ে আক্ৰমন কৰি আহত কৰে ৷ লগৰ চাৰিজন বনকৰ্মীৰ সৈতে যোৱা মইনা লাহনক সহকৰ্মীৰ উপস্থিতিতেই বাঁহনিৰ পৰা ওলাই নাহৰফুটুকীয়ে আক্ৰমন কৰে ৷ পিচত আহত দিগন্ত মাঝি আৰু বনকৰ্মী মইনা লাহনক চিকিৎসাৰ বাবে বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ বোকাখাতৰ জাপৰি পথাৰৰ ধ্বজা চাৰিআলিৰ সমীপৰ পথাৰতে সংঘৰ্টিত হয় এই ঘটনা ৷ সম্প্ৰতি আহত দুয়ো জনে ব্যক্তিয়েই বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷

********